উচ্চতৰ মাধ্যমিক বিজ্ঞানৰ শীৰ্ষত ৰামানুজন জুনিয়ৰ কলেজৰ বিতোপন আৰন্ধৰা

tt

 

 নগাঁও জিলাৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰামানুজন জুনিয়ৰ কলেজে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থান লাভৰ ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। আজি ঘোষিত ২০১৯ বৰ্ষৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত নগাঁও চহৰৰ ৰামানুজন জুনিয়ৰ কলেজৰ মেধাৱী ছাত্ৰ বিতোপন আৰন্ধৰাই ৰাজ্যখনৰ ভিতৰতে প্ৰথমটো শীৰ্ষ স্থান দখলৰে শিক্ষানুষ্ঠানখনৰ লগতে নগাঁৱলৈ সুনাম কঢ়িয়াই আনিছে।বিতোপন আৰন্ধৰা লখিমপুৰৰ কণানদীৰ বাসিন্দা, শিক্ষক লীলা কান্ত আৰন্ধৰা আৰু গৃহিনী গোলাপী আৰন্ধৰাৰ তৃতীয় সন্তান।

rr

নিজৰ ফলাফলত উৎফুল্লিত বিতোপনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয়, "আজি মই অতিশয় উৎফুল্লিত। আজি যিটো পৰিৱেশ পাইছো তেনে পৰিৱেশ কাহানিও পোৱা নাছিলো। সকলোৰে ইমান মৰম-আৰ্শীবাদ পাই নিজকে ধন্য মানিছো। আজি অনুভৱ হৈছে মই কিবা এটা ভাল কৰিবলৈ সক্ষম হলো। ইমান ভাল ৰিজাল্ট হ'ব বুলি ভৱা নাছিলো যদিও প্ৰথম দহজনৰ ভিতৰত যে মোৰ নাম থাকিব সেই বিষয়ে মই নিশ্চিত আছিলো। মোৰ এই কৃতকাৰ্যতাৰ আঁৰত আমাৰ কলেজৰ অধ্যক্ষ দিলীপ বৰা চাৰ, মোৰ শিক্ষক-শিক্ষয়িত্ৰী, মোৰ পিতৃ-মাতৃ আৰু বন্ধু-বান্ধৱী সকলৰ বহু অনুপ্ৰেৰণা আছে। তেওঁ লোকে মোক প্ৰায়েই কৈছিল 'তুমি পাৰিবা' ।" প্ৰৱল আত্মবিশ্বাসী মেধাৱী ছাত্ৰজনে লগতে কয়, "ভগৱানৰ ওপৰত বিশ্বাস থাকিব লাগে। কিন্তু নিৰ্ভৰশীল হ'ব নালাগে। কিয়নো কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰেহে বাঞ্চিত সফলতা আনিব পাৰি।" বিতোপনৰ পঢ়াৰ কোনো ৰুটিন নাছিল বুলি মন্তব্য কৰি তেওঁ কয়, "মই দৈনিক ৩-৪ঘন্টাকৈ নিয়মিত ভাৱে পঢ়িছিলো। বাচনি পৰীক্ষাৰ পাছত দৈনিক ৭-৮ঘন্টাকৈ পঢ়িছিলোঁ। যিখিনি সময় পঢ়িছিলো অতি ধ্যান দি পঢ়িছিলো। মোৰ কোনো ঘৰুৱা শিক্ষক নাছিল।" আজৰি সময়ত খেলাধূলা কৰি, উপন্যাস পঢ়ি ভাল পোৱা বিতোপনে চ'ছিয়েল মিডিয়া ব্যৱহাৰ কৰে। চ'ছিয়েল মিডিয়াৰ ভাল ব্যৱহাৰ কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে। তেওঁৰ প্ৰিয় সাহিত্যিক ৰীতা চৌধুৰী আৰু প্ৰিয় খেলুৱৈ বিৰাট কোহলিৰ লগতে শচীন তেণ্ডুলকাৰ বুলিও কয়। নিজৰ এই বৃহৎ সফলতাৰ সন্দৰ্ভত বিতোপনে কয়, "ছাত্ৰ -ছাত্ৰীসকলে নিজৰ ওপৰত আত্মবিশ্বাস ৰাখি আগবাঢ়িব লাগে। কষ্ট কৰিলে কৃতকাৰ্যতা আহিবই।" ভৱিষ্যতে এগৰাকী দক্ষ শিক্ষক হৈ সমাজৰ শিক্ষা খণ্ডৰ বাবে সেৱা আগবঢ়াই যাবলৈ সপোন পুহি ৰখা শীৰ্ষ স্থানপ্ৰাপ্ত মেধাৱী ছাত্ৰজনে কয়, "মোৰ স্বপ্ন এজন শিক্ষক হোৱা।শিক্ষকসকল দেশৰ ধৰণী। মই গ্ৰহণ কৰা শিক্ষাৰে নতুন প্ৰজন্মক আগুৱাই নিব বিচাৰো।ছাত্ৰ-ছাত্ৰীক মানুহ হিচাপে গঢ়ি তুলিব বিচাৰো। 

 

শীৰ্ষ স্থান লাভৰ ক্ষেত্ৰত লখিমপুৰৰ ছাত্ৰ- ছাত্ৰীসকলৰ সফলতাৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত বিতোপনে কয়, "পঢ়াৰ বাবে নগাঁৱৰ দৰে লখিমপুৰতো এক ভাল পৰিৱেশ আছে। অৱশ্যে নগাঁও এতিয়া শিক্ষা গ্ৰহণৰ স্থান হিচাপে শীৰ্ষ স্থানত  আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এজন অতি দক্ষ প্ৰধানমন্ত্ৰী বুলি মন্তব্য কৰি বিতোপনে কয়, "মই নৰেন্দ্ৰ মোদীক ভাল পাওঁ। তেওঁৰ চৰকাৰে আগৰ চৰকাৰ সমূহতকৈ বহু ভাল কাম কৰিছে। তেওঁ ছাত্ৰ-ছাত্ৰী সকলক সদায় উৎসাহিত কৰি আহিছে।"

 

মেট্ৰিক পৰীক্ষাত ৯৫ শতাংশ নম্বৰ লাভ কৰা বিতোপনে এক সপোন লৈয়েই নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজলৈ অহা বুলি মন্তব্য কৰি কয়, "ৰামানুজন জুনিয়ৰ কলেজে মোৰ স্বপ্ন পূৰণ কৰিলে। সুদূৰ লখিমপুৰৰ পৰা আহি ৰামানুজনৰ হোষ্টেলত থাকি পঢ়িছিলোঁ। পঢ়াকে নিজৰ তপস্যা বুলি ভাৱিছিলোঁঁ। এতিয়া মই তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় অথবা দিল্লী বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিষয়ত অধ্যয়ন কৰিম। আকৌ এক নতুন সপোন আৰু এক নতুন যাত্ৰা আৰম্ভ কৰিম।" স্মৰ্তব্য যে, বিতোপন আৰন্ধৰাই ইংৰাজী বিষয়ত ৮৮, অসমীয়াত ৯৮, ৰষায়ন বিজ্ঞানত ৯৮, পদাৰ্থ বিজ্ঞানত ৯৫, পৰিসংখ্যা বিষয়ত ৯৯ আৰু গণিতত ৯১ নম্বৰ সহ মুঠ ৪৭৮নম্বৰ লাভ কৰিছে। তেওঁৰ উত্তীৰ্ণৰ হাৰ ৯৫.৬৬ শতাংশ।

Your Comments