কলিয়াবৰ লোকসভা সমষ্টিৰ ১৭,১৯,৭৭৬ ভোটাৰে আজি ভাগ্য নিৰ্ণয় কৰিব সাতজন প্ৰাৰ্থীৰ

bb

আজি নিৰ্বাচনী মহাৰণ হৈছে কলিয়াবৰ লোকসভা সমষ্টিত। নগাঁও জিলাৰ ধিং, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি, কলিয়াবৰ, গোলাঘাট জিলাৰ বোকাখাত, গোলাঘাট, সৰুপথাৰ, খুমটাই আৰু যোৰহাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিৰে গঠিত ১১ নম্বৰ কলিয়াবৰ লোকসভা সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা ১৭,১৯,৭৭৬ গৰাকী। ইয়াৰে ৮,৭৮,৩১৭ গৰাকী পুৰুষ ভোটাৰ আৰু ৮,৪১,৪০২ গৰাকী মহিলা ভোটাৰ আৰু অন্যান্য ৪ গৰাকী ভোটাৰ আছে। সমষ্টিটোত এইবাৰ নতুন ভোটাৰৰ সংখ্যা ২, ৬২, ৫৮৯ জন।সমষ্টিটোত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ২,১৭৪টা।ইয়াৰে ৫৫৯ টা ভোটগ্ৰহণ কেন্দ্ৰক জটিল ভোট কেন্দ্ৰ ৰূপে চিহ্নিত কৰা হৈছে। লোকসভা সমষ্টিটোত "ডি"ভোটাৰৰ সংখ্যা ১০,৭৩৭জন।অৱশ্যে এই "ডি"ভোটাৰ সকলে ভোটদান কৰিব নোৱাৰিব বুলি জানিব পৰা গৈছে। ইপিনে, সংসদীয় সমষ্টিটোত এইবাৰৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা সাত জন। এওঁলোক হ'ল- গৌৰৱ গগৈ(কংগ্ৰেছ), মণিমাধৱ মহন্ত(অগপ), আব্দুল আজিজ(এন পি পি), হাৰিকূল ইছলাম বৰভূঞা (অসম জন মৰ্চা), দিগন্ত কুমাৰ শইকীয়া(হিন্দুস্তান নিৰ্মাণ দল)।ভাস্কৰ শৰ্মা(নিৰ্দলীয়) আৰু জিতেন গগৈ(নিৰ্দলীয়)।

 

ইপিনে, কলিয়াবৰ সংসদীয় সমষ্টিটোত ভোটগ্ৰহণৰ বাবে নগাঁও নিৰ্বাচনী জিলাৰ অন্তৰ্গত ধিং , বটদ্ৰৱা, চামগুৰি আৰু ৰূপহী বিধানসভা সমষ্টিত ইতিমধ্যে নগাঁও জিলা নিৰ্বাচনী বিভাগৰ পৰা নিৰ্বাচনী সামগ্ৰী লৈ সংশ্লিষ্ট ভোটকেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে নিয়োজিত বিষয়া-কৰ্মচাৰী সকলৰ লগতে আৰক্ষীৰ লোকসকলো। ইতিমধ্যে এই নিৰ্বাচনৰ বাবে নগাঁও জিলা নিৰ্বাচনী বিভাগৰ পৰিবহন কোষে অধিগ্ৰহণ কৰিছে প্ৰায় ছশ খনকৈ যান-বাহন। নগাঁও নিৰ্বাচনী জিলাৰ অন্তৰ্গত চাৰি বিধানসভা সমষ্টিৰ বাবে ৩৭২৩ গৰাকী প'লিং-প্ৰিজাইডিং বিষয়া তথা কৰ্মচাৰী নিয়োগ কৰাৰ লগতে ১০ টাকৈ পেৰা মিলিটেৰী ফৰ্চ আৰু তিনিটাকৈ অসম বেটেলিয়নৰ কোম্পানী মোতায়েন কৰা হৈছে । উল্লেখ্য যে নগাঁও নিৰ্বাচনী জিলাৰ অন্তৰ্গত কলিয়াবৰ সংসদীয় সমষ্টিৰ ৮৪২ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ১১৮ টা ভোট গ্ৰহণ কেন্দ্ৰক জটিল প'লিং ষ্টেশ্যন হিচাপে চিনাক্ত কৰা হৈছে আৰু ইয়াৰে ৫৫ টাকৈ কেন্দ্ৰত লাইভ ষ্ট্ৰিমিং আৰু ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰি চোকা দৃষ্টি ৰখাৰ ব্যৱস্থা কৰা হৈছে ।

 

ইফালে এইবাৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হোৱা বিষয়া-কৰ্মচাৰীসকলক সম্ভাষণ জনাবৰ বাবে তথা গুৱামূৰিৰে মুখ শুদ্ধি কৰাই পঠাবৰ বাবে জিলা নিৰ্বাচনী বিভাগৰ পৰা নিয়োগ কৰা হৈছে কেইবাগৰাকীও যুৱতীক । যিসকল যুৱতীয়ে গেটৰ দুয়োকাষে হাতত বঁটা লৈ হাস্যবদনে সম্ভাষণ জনাই গৈছে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হোৱা বিষয়া-কৰ্মচাৰীসকলক। মনকৰিবলগীয়া যে, কাইলৈ অনুষ্ঠিত হ'ব লগা নিৰ্বাচনক লৈ প্ৰাৰ্থী সকলৰ লগতে দলীয় নেতা-সমৰ্থকৰ মাজত উৎকণ্ঠা বিৰাজ কৰিছে।

Your Comments