নগাঁৱত কেইবা কোটি টকা মূল্যৰ হেৰ'ইনসহ মহিলাক গ্ৰেপ্তাৰ

নগাঁৱত কেইবাকোটি টকা মূল্যৰ হেৰ'ইনসহ মহিলাক গ্ৰেপ্তাৰ

দিল্লী আৰক্ষীয়ে অসম আৰক্ষীৰ সহযোগত মঙলবাৰে নিশা নগাঁও চহৰৰ সমীপৱৰ্তী বেঙেনাআটিত অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ'ইনৰ লগতে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। জানিব পৰামতে, আজি চাৰিদিনৰ পূৰ্বে বিহাৰৰ ধনজী গুপ্তা নামৰ ড্ৰাগছ ব্যৱসায়ীটোক দিল্লীত গ্ৰেপ্তাৰ কৰাৰ পাছত অসমতো ড্ৰাগছ ব্যৱসায় চলাই যোৱাৰ তথ্য লাভ কৰে দিল্লী আৰক্ষীয়ে। ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে অসম আৰক্ষীৰ লগত যোগাযোগ কৰি মঙলবাৰে নগাঁৱত উপস্থিত হয়। দিল্লী আৰক্ষীৰ দলটোৱে নগাঁও আৰক্ষীক লগত লৈ নগাঁও চহৰৰ সমীপৱৰ্তী বেঙেনাআটিৰ পৰা সামৰ্থ ভানু নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ লগতে কেইবা কোটি টকা মূল্যৰ ২৩.৫ কেজি হেৰ'ইন জব্দ কৰে।

নগাঁৱত কেইবাকোটি টকা মূল্যৰ হেৰ'ইনসহ মহিলাক গ্ৰেপ্তাৰ

এই বৃহৎ পৰিমাণৰ হেৰ'ইনখিনি ধৃত মহিলাগৰাকীৰ ঘৰত মজুত ৰাখি ডিমাপুৰত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু দিল্লীত ধনজী গুপ্তা নামৰ ড্ৰাগছ ব্যৱসায়ীজন আৰক্ষীৰ জালত পৰাৰ পাছতেই ড্ৰাগছৰ এই বৃহৎ নেটৱৰ্কৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে কঠোৰ অভিযান আৰম্ভ কৰি হেৰ'ইনসহ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি ধৃত ড্ৰাগছ ব্যৱসায়ী ধনজী গুপ্তাৰ লগতে আৰক্ষীয়ে সামৰ্থ ভানু নামৰ মহিলাগৰাকীক জেৰা অব্যাহত ৰাখিছে।
 

Your Comments