নগাঁৱত বিজেপিৰ যুৱ মৰ্চাৰ সাংগঠনিক সভা : লোকসভাত দলীয় প্ৰাৰ্থীক জয়ী কৰোৱাৰ আহ্বান

নগাঁৱত বিজেপিৰ যুৱ মৰ্চাৰ সাংগঠনিক সভা : লোকসভাত দলীয় প্ৰাৰ্থীক জয়ী কৰোৱাৰ আহ্বান

"সমাগত লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে যাতে আশাপ্ৰদক ফলাফল লাভ কৰিব পাৰে, তাৰবাবে বেজেপি দলৰ সকলো স্তৰৰ সংগঠন শক্তিশালী কৰি তুলিব লাগিব। এই ক্ষেত্ৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ সদস্যসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব।" এই মন্তব্য ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মনৰ। শনিবাৰে নগাঁও চহৰৰ আমোলাপট্টি নাট্য মন্দিৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ নগাঁও, মৰিগাঁও, হোজাই জিলা যুৱ মৰ্চাৰ নগাঁও লোকসভাৰ সমষ্টিৰ ভিত্তিত আয়োজিত সাংগঠনিক সভাত অংশগ্ৰহণ কৰি বৰ্মনে মৰ্চাৰ সদস্যসকলক দলৰ সাংগঠনিক দিশ সুদৃঢ় কৰাৰ কামত নিয়োজিত হ'বলৈ আহ্বান জনায়।

ভাষণ প্ৰসঙ্গত তেওঁ সমাগত নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাত শক্তিশালী কৰিবলৈ মৰ্চাৰ সদস্যসকলক আহ্বান জনায়। সভাত মৰ্চাৰ সাধাৰণ সম্পাদক অৰুণজ্যোতি হাজৰিকা, পাৰ্থ প্ৰতিম বৰাকে ধৰি কেইবাজনো নেতাই অংশগ্ৰহণ কৰে। সভাৰ আদৰণী ভাষণ পাঠ কৰে নৱাৰুণ বুঢ়াগোহাঁয়ে৷ সভাত এন এছ ইউ আইৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত দাসৰ নেতৃত্বত সংগঠনটোৰ ১৯গৰাকী কৰ্মকৰ্তাই বিজেপিত যোগদান কৰে। সভাত মৰ্চাৰ নগাঁও জিলাৰ সভাপতি প্ৰণৱ বৰা, মিডিয়া প্ৰমুখ অমিত দেৱনাথে অংশগ্ৰহণ কৰে। 


 

Your Comments