জামুগুৰি কে এন ছোৱালী হাইস্কুল চৌহদত আৰ্যভট্ট বিজ্ঞান ভৱনৰ আধাৰশিলা স্থাপন

কে এন ছোৱালী হাইস্কুল চৌহদত

"বৈজ্ঞানিক মানসিকতা অবিহনে এখন সমাজ কেতিয়াও উন্নয়নৰ দিশত গতি কৰিব নোৱাৰে। যেতিয়াই মানুহৰ বিজ্ঞান-প্ৰযুক্তিৰ প্ৰতি ধাউতি বৃদ্ধি হ'ব, তেতিয়াই এখন সমাজ দোপতদোপে আগবাঢ়ি যাবলৈ সক্ষম হ'ব।" এই মন্তব্য শিক্ষাবিদ ফজলুল হক মৰলৰ। স্থানীয় জামুগুৰি কে এন ছোৱালী হাইস্কুল চৌহদত অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা পৰিচালিত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জুৰীয়া খণ্ডৰ স্থায়ী বিজ্ঞান ভৱনৰ আজি আধাৰশিলা স্থাপন অনুষ্ঠানত এইদৰে মন্তব্য কৰি মৰলে বিজ্ঞান-প্ৰযুক্তিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ সচেতন সমাজক আহ্বান জনায়।

কে এন ছোৱালী হাইস্কুল চৌহদত

বিজ্ঞান কেন্দ্ৰৰ খণ্ড সমন্বয়ক নাজিম উদ্দিন আহমেদে আঁতধৰা সভাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল আলী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ইক্ৰামুল মজিদ, উপ-সভাপতি আবু নছৰ মৌচিন, প্ৰাক্তন সভাপতি আব্দুল মজিদ, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ নগাঁও জিলাৰ সমন্বয়ক কিশোৰ দেৱ, স্থানীয় গাঁও পঞ্চায়ত সভাপতি আব্দুল বাৰিক, কনিষ্ঠ অভিযন্তা মোকিবুৰ ৰহমান, যুৱ সমাজকৰ্মীদ্বয় জিয়াবুৰ ৰহমান, ৱাহিদুদ জামান প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে ২০০৮ চনতে বিদ্যালয়খনত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰটি প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰতিষ্ঠাকালৰে পৰা কেন্দ্ৰটিয়ে বিশেষকৈ গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান-প্ৰযুক্তিক জনপ্ৰিয় কৰি তুলিবলৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে বুলি খণ্ড সমন্বয়কগৰাকীয়ে জনাইছে।

Your Comments