স্বয়ম্ভূ আমছু নেতা কামৰুজ জামানক গ্ৰেপ্তাৰৰ দাবীত নগাঁৱত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ধৰ্ণা

nagaon

আমছুৰ স্বয়ম্ভূ নেতা কমৰুজ জামানক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে অসম সংখ্যালঘু উন্নয়ন পৰিষদে। আজি সংগঠনটোৰ লগতে একাংশ ৰাইজে জামানক গ্ৰেপ্তাৰৰ দাবীত নগাঁৱত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠনটোৱে জামানক গ্ৰেপ্তাৰৰ দাবী জনাই এখন স্মাৰক পত্ৰ  প্ৰদান কৰে।

উল্লেখ্য যে যোৱা ৮ ফেব্ৰুৱাৰীত নগাঁৱৰ জুৰীয়াৰ আবু ছাদিক নামৰ এজন যুৱকৰ ৰহস্যজনক নিৰুদ্দেশক লৈ কামৰুজ জামানৰ নেতৃত্বত যোৱা একাংশ লোকে নগাঁও সদৰ থানাৰ অন্তৰ্গত মৰঙিয়ালৰ অৰ্চনা বৰা নামৰ এগৰাকী মহিলাৰ বাসগৃহ ভাঙি চিঙি লণ্ড-ভণ্ড কৰাৰ লগতে জ্বলাই দিছিল এখন চাৰিচকীয়া বাহন। আনকি দলটোৱে সেই সময়ত শিলগুটি, ইটা নিক্ষেপ কৰি পৰিৱেশ উত্তপ্ত কৰি তুলিছিল।

এই ঘটনাত আহত হৈছিল আৰক্ষী আৰু অৰ্ধ সামৰিক লোক। তেতিয়াৰ পৰাই পলাতক অৱস্থাত আছে কামৰুজ জামান। এই ঘটনাৰ দিন দিয়েকৰ পিছতেই নিৰুদিষ্ট যুৱক আবু ছাদিকৰ মৃতদেহ অৰ্চনা বৰাৰ ঘৰৰ চৌহদত উদ্ধাৰ হৈছিল। এই সন্দৰ্ভত আৰক্ষীয়ে অৰ্চনা বৰা আৰু আবু ছাদ্দিকৰ ভাতৃক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে প্ৰায় এমাহ ধৰি কামৰুজ জামানক গ্ৰেপ্তাৰ কৰিব নোৱাৰা বিষয়টোৱে বিভিন্ন মহলক সন্দিহান কৰি তুলিছে।

সেয়ে আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত একাংশ লোকে জামানৰ গ্ৰেপ্তাৰৰ দাবীত এই কাৰ্যসূচী ৰুপায়ণ কৰে। অৰ্চনা বৰাৰ ঘৰত আবু ছাদ্দিকৰ মৃতদেহ উদ্ধাৰ হোৱা সন্দৰ্ভত ইতিপূৰ্বে সংবাদ মাধ্যমত বিস্তাৰিতভাৱে প্ৰকাশ পাইছে ।

Your Comments