নগাঁৱত বিজেপিৰ বিজয় সংকল্প মহা বাইক ৰেলী 

নগাঁৱত বিজেপিৰ বিজয় সংকল্প মহা বাইক ৰেলী 

সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দলে আজি সমগ্ৰ দেশৰ লগতে নগাঁও জিলাৰ ৮টা বিধানসভা সমষ্টিতো বিজয় সংকল্প মহা বাইক ৰেলী বাহিৰ কৰে। আজি নগাঁও সদৰ সমষ্টিৰ বিজেপিৰ বিধায়ক ৰূপক শৰ্মাৰ নেতৃত্বত নগাঁও জিলা বিজেপি যুৱ মৰ্চাৰ সহযোগত বিজেপি দলে সমষ্টিটোত বিজয় বাইক ৰেলী উলিয়ায়। বাইক ৰেলী উদ্বোধন কৰি দিয়া ভাষণত বিজেপি নেতা-কৰ্মীসকলক দলৰ সাংগঠনিক দিশ শক্তিশালী কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে। সমাগত লোকসভা নিৰ্বাচনত বিজেপি দলে যাতে সফলতা লাভ কৰিব পাৰে, তাৰবাবে দলীয় কৰ্মীসকলক এতিয়াৰে পৰা সক্ৰিয়ভাৱে সাংগঠনিক কামত জড়িত হ'বলৈ বিধায়ক শৰ্মাই আহ্বান জনায়।

সমদলত নগাঁও জিলা বিজেপিৰ সভাপতি জয়ন্ত নাথ, বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি পবন বৰাকে কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে। আনহাতে, জিলাখনৰ বঢ়মপুৰ বিধানসভা সমষ্টিত জিতু কুমাৰ গোস্বামীৰ নেতৃত্বত বিজেপিৰ নেতা-কৰ্মীসকলে বৃহৎ বিজয় সংকল্প বাইক ৰেলী উলিয়ায়। ৰহা বিধানসভা সমষ্টিত স্থানীয় বিধায়ক ডিচেম্বৰ দাসৰ নেতৃত্বত, বটদ্ৰৱাত বিধায়িকা আঙুৰলতা ডেকাৰ নেতৃত্বত, ৰূপহীহাটত কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াৰ নেতৃত্বত বিজেপি দলে বিজয় সংকল্প ৰেলী উলিয়ায়। তদুপৰি, জিলাখনৰ কলিয়াবৰ, চামগুৰি, ধিং বিধানসভা সমষ্টিতো স্থানীয় বিজেপি নেতাসকলৰ নেতৃত্বত বিজেপি দলে বিজয় সংকল্প বাইক ৰেলী উলিয়ায়।
 

Your Comments