পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত নগাঁৱৰ মৰিকলং : থলুৱা প্ৰজাতিৰ পক্ষী সংৰক্ষণৰ দাবী সচেতন ৰাইজৰ 

পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত নগাঁৱৰ মৰিকলং : থলুৱা প্ৰজাতিৰ পক্ষী সংৰক্ষণৰ দাবী সচেতন ৰাইজৰ 

প্ৰতিবছৰে শীত আৰু বসন্তৰ আগমনৰ লগে লগে নগাঁও চহৰৰ গাতে লাগি থকা মৰিকলং বিলত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীয়ে নান্দনিক পৰিৱেশৰ সৃষ্টি কৰি আহিছে। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়। বিশেষকৈ এইখন বিললৈ বিভিন্ন সময়ত শৰালি, বগলী, পানীকাউৰী আদিকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আগমন ঘটে। এই পক্ষীসমূহৰ উপস্থিতিয়ে বিলখনৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে এক নৈসৰ্গিক পৰিৱেশৰো সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

মন কৰিবলগীয়া কথা এই যে মীন বিভাগে এই বিলখন প্ৰতিবছৰে ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে মৎস্য ব্যৱসায়ীক লীজত দি আহিছে। এই ব্যৱসায়ীসকলে অধিক মুনাফা লাভৰ স্বাৰ্থত বছৰটোৰ সকলো সময়তে আঁঠুৱাজাতীয় জালেৰে মাছ মাৰি থলুৱা মাছৰ শ্ৰীবৃদ্ধিত বাধাৰ সৃষ্টি কৰি আহিছে। তদুপৰি, এই বিলখনলৈ আগমন ঘটা পৰিভ্ৰমী চৰাইসমূহে খাদ্য সংকটত পৰিবলগা হৈছে। যাৰবাবে বিলখনলৈ পৰিভ্ৰমী চৰাইৰ আগমনৰ সংখ্যা ক্ৰমশঃ হ্ৰাস পাবলৈ ধৰিছে।

পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত নগাঁৱৰ মৰিকলং : থলুৱা প্ৰজাতিৰ পক্ষী সংৰক্ষণৰ দাবী সচেতন ৰাইজৰ 

আজি মৰিকলং বিলৰ কাষৰীয়া সচেতন ৰাইজ আৰু কেইবাটাও অনুষ্ঠানে নগাঁও জিলা উপায়ুক্তক সাক্ষাৎ কৰি বিলখনলৈ অহা শৰালি, পানী কাউৰীকে ধৰি বিভিন্ন পৰিভ্ৰমী পক্ষী খাদ্যৰ অভাৱত যাতে আঁতৰি যাবলগা নহয়, তাৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ এক স্মাৰক-পত্ৰ প্ৰদান কৰে। এই পক্ষীসমূহ সংৰক্ষণৰ ক্ষেত্ৰত জিলা মীন বিভাগে যাতে সঠিক ব্যৱস্থা গ্ৰহণ কৰে, তাৰবাবেও ব্যৱস্থা ল'বলৈ উপায়ুক্তগৰাকীক স্মাৰক-পত্ৰযোগে দাবী জনায়।

তদুপৰি, সচেতন লোকসকলে এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ নগাঁও সংমণ্ডল বন বিষয়াকো স্মাৰক-পত্ৰ প্ৰদান কৰে। সচেতন ৰাইজৰ লগতে স্থানীয় গাঁওবুঢ়া, বেঙেনাআটী গাঁও পঞ্চায়তৰ সভাপতি, স্থানীয় নামঘৰ পৰিচালনা সমিতি, অনুসূচিত জাতি মহিলা কল্যাণ সমিতি আদিয়ে স্মাৰক-পত্ৰত স্বাক্ষৰ কৰি বিলখনত আগমন ঘটা পক্ষীসমূহ সংৰক্ষণৰ পোষকতা কৰে। ইপিনে, এই বিলখন কেইবাটাও বিৰল প্ৰজাতিৰ কাছৰ আবাসস্থলী হিচাপে চিহ্নিত। ভিন্ন কাৰণত বিলখনত কাছৰ সংখ্যা হ্ৰাস পাব ধৰিছে। সচেতন ৰাইজে বিলখনৰ কাছসমূহকো সংৰক্ষণৰ দাবী জনাইছে। এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

Your Comments