নগাঁৱত বিজেপিৰ বিশেষ সাংগঠনিক সভা : 'কংগ্ৰেছ ভাৰতবৰ্ষৰ জনতাৰ মনৰ পৰা আঁতৰি গৈছে' : সোণোৱাল 

bjp-1

ভাৰতীয় জনতা পাৰ্টি ভাৰতবৰ্ষৰ জনতাৰ অতি বিশ্বাস যোগ্য দল হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। আমি সৌভাগ্যৱান যে এগৰাকী মহান আদৰ্শবাদী নেতা নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে লাভ কৰিছোঁ। এইগৰাকী প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বৰ বাবে দেশৰ ১৩০ কোটি জনতা আজি সুৰক্ষিত।' আজি নগাঁও চহৰৰ কলংপাৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালি বাকৰিত অনুষ্ঠিত বিজেপি দলৰ এখন বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি দিয়া ভাষণত এই মন্তব্য কৰে ৰাজ্যৰ এই  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

নগাঁও, কলিয়াবৰ আৰু তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ বিশেষ সাংগঠনিক সভাখনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে আৰু কয়, 'প্ৰধানমন্ত্ৰী মোডীয়ে মৰ্যাদা সহকাৰে আজি যি বীৰত্ব দেখুৱাইছে, সিয়ে ভাৰতবৰ্ষক বিশ্বৰ ভিতৰত শক্তিধৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে।' পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাতীত ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, "সন্ত্ৰাসবাদীৰ শিবিৰ বিনষ্ট কৰি কৰি ভাৰতীয় সেনাই ভাৰতবৰ্ষৰ জনতাক গৌৰৱান্বিত কৰি তুলিছে।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উচ্চ প্ৰসংশা কৰি মুখ্যমন্ত্ৰীয়ে দলীয় নেতা-কৰ্মীসকলক কয়, "আমি অতি সোভাগ্যৱান । এনে সুযোগ আমাৰ জীৱন কালত পোৱাটো কঠিন।" কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি সোণোৱালে কয়, "দেশে স্বাধীনতা লাভ কৰাৰ পিছত ৬০ বছৰৰো অধিক কাল কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছে শাসন চলাইছিল। তেওঁলোকৰ কাৰ্যকালত ভাৰতৰ জনতাক প্ৰতাৰণা কৰা হৈছিল।

কংগ্ৰেছৰ শাসনকাল কলংকিত ইতিহাস। এতিয়া ভাৰতবৰ্ষৰ সচেতন ৰাইজে এই কলংকিত ইতিহাস অধ্যয়ন কৰিছে। আমি এই কথা মনত ৰাখি সকলোৱে কাম কৰিব লাগিব।" প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ভাৰতীয় জনতা পাৰ্টিৰ জন্মলংগ্নৰ সময়তেই বাজপেয়ীয়ে ঘোষণা কৰিছিল বিজেপিয়ে এদিন মুল্যবোধৰ আধাৰত নেতৃত্ব দিব। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশক সৱল নেতৃত্ব দিছে।

কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰু গুজৰাটৰ পৰা অৰুণাচললৈ দেশৰ সকলো অংশৰ ৰাইজক মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ দিয়া হৈছে। যাৰ বাবে আজি দেশৰ সকলো শ্ৰেণীৰ ৰাইজ সুৰক্ষিত। সামাজিকভাৱে নিৰাপত্তা প্ৰদান কৰি সকলোকে সমদৃষ্টিৰে আগুৱাই নিয়াৰ প্ৰদক্ষেপ গ্ৰহণ কৰিছে। স্বচ্ছতা আৰু পৰিস্কাৰ বাবে দেশক আগুৱাই নিয়াৰ বাবে আজি আমি সুফল লাভ কৰিছোঁ।" কংগ্ৰেছক পুণৰ আক্ৰমণৰ লক্ষ্য কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয়, "কংগ্ৰেছে যুক্তিহীনভাৱে যিমানেই হুলস্থুল নকৰক কিয়, ভাৰতৰ জনগণে তেওঁলোকৰ কথা নুশুনে।

দেশ শাসন কৰিবৰ বাবে ৬০ বছৰৰ সুবিধা পোৱাৰ পিছতো কংগ্ৰেছে সততা আৰু নিষ্ঠা প্ৰকাশ কৰিব নোৱাৰিলে। উন্নয়নৰ ধন আত্মসাৎ কৰিলে। যাৰ বাবে ভাৰতৰ প্ৰগতিত বাধাৰ সৃষ্টি হৈছিল। সেই ভাৱেই এতিয়া কংগ্ৰেছ ভাৰতৰ মানুহৰ অন্তৰৰ পৰা আতৰি গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আজি ভাৰতৰ প্ৰতি ৰাজ্য‌ই মৰ্যদা সহকাৰে থাকিবলৈ সুবিধা লাভ কৰিছে। যিবোৰ ৰাজ্যত বিজেপিৰ চৰকাৰ নাই।

সেই ৰাজ্যসমূহতো সবকা সাথ সবকা বিকাশ নীতিৰ আধাৰত সকলো আঁচনি সেই ৰাজ্যসমূহতো দিয়া হৈছে। দেশৰ সংখ্যালঘুয়েই হ‌ওক বা সংখ্যাগুৰুয়েই হ‌ওক বা প্ৰতিটো জাতি-জনগোষ্ঠী হ‌ওক সকলোকে সমমৰ্যদা প্ৰদান কৰা হৈছে।" ভাষণৰ মাজতে বিজেপিৰ নেতা-কৰ্মী সকলক আকৌ আকৌ এবাৰ মোডী চৰকাৰ বুলি ধ্বনি দিবলৈ আহ্বান জনাই কয়," মোডীৰ নেতৃত্বত ভাৰতবৰ্ষ বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'বলৈ আৰু বেছি দিন নাই।" তৰুণ গগৈ নেতৃত্বাধীন তদানীন্তন কংগ্ৰেছ চৰকাৰৰ কাম-কাজৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, "কংগ্ৰেছৰ দিনত চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ'লে কংগ্ৰেছ দলত যোগদান কৰিবলৈ বাধ্য কৰোৱা হৈছিল।

এতিয়া আমাৰ চৰকাৰৰ দিনত ভাৰত মাতাৰ পুত্ৰ-কন্যাসহ সকলোৱে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে।" প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকো সমালোচনা কৰি সোণোৱালে কয় যে- কংগ্ৰেছে কেৱল কথা ক'বহে জানে । কাম কৰিব নাজানে। তৰুণ গগৈয়ে আমাৰ বিৰুদ্ধে বহু কথা কয়। এটা দিনত তিনিখনকৈ সংবাদমেল আয়োজন কৰি অনৰ্গল কথা কয়। আমি কেৱল শুনি থাকো। একো নকও। আমি কামৰেহে উত্তৰ দিও। ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইক প্ৰসংশা কৰি সোণোৱালে কয়, "মাত্ৰ আঢ়ৈ বছৰৰ ভিতৰতেই ৰে'ল মন্ত্ৰী গোহাঁইৰ নেতৃত্বত উত্তৰ-পূৱৰ যথেষ্ট উন্নয়ন হৈছে। আগতে দ্বৈত ৰেল লাইনৰ কথা আমাৰ সপোন আছিল। কংগ্ৰেছৰ দিনত উত্তৰ-পূবৰ ৰাইজে বহুবাৰ দাবী উত্থাপন কৰিছিল।

অসমৰ পৰা সাংসদ হৈ দেশৰ প্ৰধানমন্ত্ৰী লাভ কৰা ড: মনমোহন সিঙেও এই কথাটো কোনো গুৰুত্ব নিদিলে। এতিয়া ৰাজেন গোহাঁইৰ প্ৰচেষ্টাত বৈদ্যুতিকৰণৰ কামো চলিছে। বৰ্তমানৰ চৰকাৰখনে দুবছ ন মাহ অতিক্ৰম কৰিলে বুলি তেওঁ কয়, "আমাৰ চৰকাৰ মুল্যবোধৰ আধাৰত পৰিচালিত হৈছে। দুৰ্নীতিৰ বিৰুদ্ধে যুজঁ দি আমি সংস্কাৰ সাধন কৰিছোঁ।" বিজেপি নেতৃত্বাধীন চৰকাৰৰ উন্নয়ন মুলক কাম-কাজৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, "বৰ্তমানে অসমত ছখন মেডিকেল কলেজ, আঠখন অভিযান্ত্ৰিক কলেজ আৰু ২৫ খন পলিটেকনিকৰ নিৰ্মানৰ কাম চলি থকাৰ লগতে ক্ৰীড়া মহাবিদ্যালয়, বন মহাবিদ্যালয় স্থাপনৰ কামো আৰম্ভ হৈছে। বীৰ চিলাৰায়-লাচিতৰ নামত এহেজাৰখন পকী দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছে।" পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয়ৰ হেতু গঢ়াৰ বাবে কাম কৰি থকাৰ কথা উল্লেখ কৰি তেওঁ কয়, "আমি সংঘাত নকৰোঁ।

আৰু কাকো সংঘাতৰ সৃষ্টি কৰিবলৈ নিদিও। "প্ৰসংগ ক্ৰমে তেওঁ বিজেপিক বিশ্বৰ বৃহৎ দল হিচাপে অংশগ্ৰহণ কৰি কয় যে, এতিয়া বিজেপিয়ে ভাৰতীয় জনতাক জাগ্ৰত কৰিছে। তেওঁ দলীয় নেতা-কৰ্মীসকলক অসমতো দলৰ সংগঠন শক্তিশালী কৰিবলৈ আহ্বান জনায়। সভাত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক সুৰেশ পুজাৰীয়ে কয়, "মই উড়িষ্যাৰ পৰা আহিছোঁ। উৰিয়া আৰু অসমীয়া ভাষাৰ মাজত বিশেষ পাৰ্থক্য নাই। আনকি, চাল-চলনতো বিশেষ পাৰ্থক্য নাই। অসমৰ এজন ডাঙৰ কবি লক্ষ্মীনাথ বেজবৰুৱা উৰিষ্যাৰ সম্বলপুৰত থাকি কবিতা লিখিছিল।

এতিয়া আমি সকলোৱে মিলি সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ। "ভাষণ প্ৰসংগত তেওঁ কয় যে, দেশৰ আৰু সুৰক্ষাৰ স্বাৰ্থত নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী পাতিব লাগিব। এই ক্ষেত্ৰত বিজেপিৰ নেতা-কৰ্মীসকলে অসমৰ ১৪টা সংসদীয় সমষ্টি দখল কৰি নৰেন্দ্ৰ মোডীৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায়। ইপিনে, ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে সভাত ভাষণ দি চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ কথা উল্লেখ কৰাৰ লগতে বিজেপিক জয়ী কৰাবলৈ আহ্বান জনায়‌ ।সভাত মন্ত্ৰী দ্বয় পীয়ূষ হাজৰিকা, পদ্মলোচন দাস, বিধায়ক ক্ৰমে ৰূপক শৰ্মা, ডিম্বেশ্বৰ দাস, আঙুৰলতা ডেকা, মৃণাল শ‌ইকীয়া আদিয়ে অংশগ্ৰহণ কৰে। সভাৰ আঁত ধৰে বিজেপিৰ ৰাজ্যিক সম্পাদক দিপ্লুৰঞ্জন শৰ্মাই।
 

Your Comments