গুৱাহাটীৰ ৰুক্মিণীনগৰত দিনদুপৰতে চাঞ্চল্যকৰ চুৰি কাণ্ড

A

 

B
নিউজ ডেস্ক: গুৱাহাটীৰ ৰুক্মিণীনগৰৰ ৰূপালিম পথৰ গৃহ নং ১৫ ত স্হায়ী ভাৱে বসবাস কৰা শ্ৰী দিলীপ কাকতিৰ ঘৰত কালি  পুৱা ১০ মান বজাত এক চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয়। কাকতিয়ে জনোৱা মতে ,তেওঁ আৰু তেওঁৰ পত্নীৰ অনুপস্থিতিত তেওঁলোকৰ নিজা বাসগৃহৰ  খিৰিকী ভাঙি কোনো দুৰ্বৃত্তই প্ৰৱেশ কৰে আৰু কোঠাৰ ভিতৰত থকা তিনিটা আলমিৰা ভাঙি প্ৰায় ৬০,০০০নগদ ধনৰ লগতে  প্ৰায় দুই তোলা সোণ আৰু ১ তোলা ৰূপৰ অলংকাৰ  আৰু কিছু কাঁহ-পিতলৰ বাচন বৰ্তন লৈ উধাও হোৱাৰ লগতে সমগ্ৰ ঘৰটোৱে লণ্ড ভণ্ড কৰে ৷উক্ত ঘটনাটোৱে কাকতিৰ সৰু পৰিয়ালটিৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে যথেষ্ট মনোকষ্ট দিয়া বুলিও শ্ৰী কাকতিয়ে উল্লেখ কৰিছে। ৷ইতিমধ্যে সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক অতি সোনকালে কৰায়ত্ত কৰিবলৈ দিছপুৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ প্ৰদান কৰিছে ৷  ইফালে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই দিছপুৰ আৰক্ষীয়েও ঘটনাস্থলীত তাৎক্ষণিকভাৱে  উপস্থিত হৈ তৎপৰতাৰে অনুসন্ধান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

Your Comments