নুনমাটিত দুৰ্বৃত্তৰ আক্ৰমণ; ডিঙি কাটি লৈ গ’ল মোবাইল ফোন আৰু পইছা

A

নিউজ ডেস্ক: 

গুৱাহাটী মহানগৰীৰ  নুনমাটিত চোকা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাবে  আহত হয় কিশোৰ কলিতা নামৰ লোকজন ।মঙলবাৰে নিশা প্ৰায় ৮.৩০বজাত অস্ত্ৰধাৰী ডকাইতে ডিঙিকাটি লৈ যায় ধন আৰু মোবাইল ফোন।
ভাৰতীয় ৰেল বিভাগত কৰ্মৰত কলিতা ঘৰলৈ গৈ থকা সময়ত নুনমাটি কেবিন চ'কত আক্ৰমনৰ সন্মুখীন হয়।আঘাতপ্ৰাপ্ত কৰ্মচাৰী গৰাকীক নিশাই ভৰ্তি কৰোৱা হয় গুৱাহাটীৰ গেট হাস্পতালত।উল্লেখ্য যে গুৱাহাটীৰ ছাত্ৰীবাৰীৰ গুলিচালনাৰ ঘটনাৰ ২৪ঘণ্টা নহওতেই পুনৰ নুনমাটিত এই ঘটনাই মহানগৰীৰ জনতাৰ নিৰাপত্তাহীনতাৰ ছবিখন আৰু স্পষ্ট কৰি তুলিছে।
ইফালে ঘটনাৰ পাছতেই নুনমাটি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।বর্তমানলৈ আটক কৰিবলৈ সক্ষম হোৱা নাই কোনো দুৰ্বৃত্তক।

Your Comments