ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ ঘোষণা:ৰাজ্যৰ সকলো ব্যক্তিগত প্ৰতিষ্ঠানত ৭৫শতাংশ পদত থাকিব লাগিব স্থানীয় লোক

Pic

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে ঘোষণা কৰিছে চলিত বৰ্ষৰ পৰা ৰাজ্যখনৰ সকলো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান-কাৰ্যালয়ত ৭৫ শতাংশ পদত নিযুক্তি পাব লাগিব স্থানীয় লোকে। 

Pic

মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে লগতে ৰাজ্যখনৰ নিযুক্তি প্ৰক্ৰিয়া পৰিৱৰ্তন কৰাৰ কথাও ঘোষণা কৰে। পৰ্যায়ক্ৰমে এই সকলো কাৰ্যপন্থা গ্ৰহণৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ কথা তেওঁ সদৰি কৰে। শিক্ষক, আৰক্ষীত নিযুক্তিৰ বাবে নতুন নিয়মাৱলী প্ৰস্তুত কৰা হ’ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Your Comments