মেঘালয় সীমান্তৰ মাটাইখাৰত আনন্দৰাম বৰুৱাক স্মৰণ:বিদ্যাৰ্থীৰ মাজত কুইজ প্ৰতিযোগিতা সম্পন্ন

Pic

নুৰুল ইছলাম,চানডুবি:

কামৰূপ জিলাৰ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অসম-মেঘালয় সীমান্তৱৰ্তী মাটাইখাৰত যোৱা ১৯ জানুৱাৰীত পণ্ডিতপ্ৰৱৰ আনন্দৰাম বৰুৱাক তেওঁৰ মৃত্যু দিৱসত স্মৰণ কৰা হয়।সাপ্তাহিক কাকত 'গণমাৰ্গ'ৰ উদ্যোগত তথা মাটাইখাৰ আঞ্চলিক বিষ্ণুজ্যোতি পুথিভঁৰালৰ সহযোগত আয়োজন কৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে পুথিভঁৰালৰ সভাপতি মিঠুন ৰাভাই।গণমাৰ্গৰ পৰিচালন সঞ্চালক ৰঞ্জন দত্তই স্মৃতি তৰ্পণ কৰে ৷

Pic

ইফালে, উক্ত অনুষ্ঠানৰ স’তে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা এখনো অনুষ্ঠিত কৰা হয় ৷ প্ৰাণেশ্বৰ ৰাভা,শশীৰাম ৰাভা,কল্যাণ ৰাভা,যুৱ কবি চাৰ্জেন ৰাভা উপস্থিত থকা অনুষ্ঠানটিত শিক্ষক তথা লেখক আব্দুৰ ৰচিদ চৌধুৰী,মৃণাল চক্ৰৱৰ্তী,নুৰুল ইছলামকে ধৰি কেইবাগৰাকীও অতিথি উপস্থিত থাকি আনন্দৰাম বৰুৱাৰ বিষয়ে আলোকপাত কৰে

আনহাতে, আব্দুৰ ৰচিদ চৌধুৰীয়ে পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক বঁটা প্ৰদানৰ উপৰি সমূহ অংশগ্ৰহণকাৰীকে মানপত্ৰ আৰু নিচুকণি উপহাৰ প্ৰদান কৰা হয়।তদুপৰি গুৱাহাটীৰ স্বেচ্ছাসেৱী সংস্থা লখিমীৰ বিষয়ববীয়াসকল উপস্থিত থাকি মাক্স বিতৰণ কৰে।

Your Comments