কফি পান কৰা অভ্যাসে যকৃতৰ কেন্‌চাৰৰ আশংকা হ্ৰাস কৰে

Pic

বিজ্ঞানীসকলৰ শেহতীয়া অধ্যয়নৰপৰা জনা গৈছে যে দিনে কফি পান কৰিলে মানুহৰ যকৃতৰ কেন্‌চাৰ হোৱাৰ আশংকা কমে ৷ BMJ OPEN নামৰ আলোচনীত প্ৰকাশ পোৱা অধ্যয়ন অনুসৰি যিমান বেছি কফি খোৱা যায়, Hepatocellular cancer বা চমুকৈ HCC-ৰ প্ৰতি দেহৰ সুৰক্ষা বাঢ়ি যায়।

Pic

যকৃতৰ কেন্‌চাৰ বৰ্তমান বিশ্বত কেন্‌চাৰত মৃত্যু হোৱাৰ দ্বিতীয় প্ৰধান কাৰণ ৷ দিনে একাপ বেছিকৈ কেফেইনযুকক্ত কফি পান কৰিলে HCC হোৱাৰ আশংকা ২০% কমে আনহাতে দিনে দুকাপ কফি পান কৰিলে তাৰ আশংকা ৩৫% কমি যায় ৷ এই তথ্য প্ৰকাশ কৰি ছাডাম্পটন বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা গৱেষণাকৰ্মটোৰ মুৰব্বী অলিভাৰ কেনেডিয়ে কয় “আমি সেইবুলি প্ৰত্যেককে দিনে পাঁচ কাপ কফি খোৱাৰ পৰামৰ্শ দিয়া নাই ৷ কফি-কেফেইন খোৱাৰ অপকাৰিতাৰ বিষয়ে অধ্যয়ন কৰাৰ থল আছে ৷ লগতে গৰ্ভৱতী মহিলাকে ধৰি গেছৰ সমস্যাত ভোগা কিছু ব্যক্তিয়ে কফি পান কৰাৰপৰা বিৰত থকা উচিত ৷”

তদুপৰি কেফেইনমুক্ত কফিৰ উপকাৰিতাৰ কথাও বিবেচনা কৰিব লাগিব ৷ গতিকে নিয়মীয়াকৈ কফি পান কৰক আৰু যকৃতৰ কেন্‌চাৰ হোৱাৰপৰা নিজকে কিছু পৰিমাণে হ’লেও সুৰক্ষা দিয়াত শৰীৰটোক সহায় কৰক।

Your Comments