কিছু কথা জানো আহক 'পেট্ৰা'ৰ বিষয়ে...

Petra

জানেনে বাৰু আপুনি পেট্ৰা কি? পেট্ৰা হৈছে আৰবীয় দেশ জৰ্দানৰ এখন বুৰঞ্জীমূলক আৰু প্ৰত্নতাত্বিক চহৰ ৷ পেট্রাৰ কাষৰীয়া অঞ্চলসমূহ খ্রীষ্টপূর্ব ৭০০০ ৰপৰা বিকাশ হ’বলৈ আৰম্ভ কৰিছিল ৷ নাবাটায়ান সকলে বসবাস কৰিবলৈ আৰম্ভ কৰাৰ পিছতেই সম্ভৱতঃ চতুৰ্থ শতিকাৰ একেবাৰে আৰম্ভণিতেই ই দেশৰ মুখ্য চহৰত পৰিণত হৈছিল ৷ এই ঠাইখন বহু দেৰিকৈ আৱিষ্কাৰ হৈছিল ৷তাৰ পূৰ্বে ইয়াত এখন অভয়াৰণ্য আছিল বহু আগৰপৰাই ৷ পেট্রা মিছৰৰ প্ৰচাৰ অভিযানৰ একাউণ্টত আৰু আমাৰ্না পত্রত পেল, ছেলা বা ছেইৰ হিচাপে তালিকাভুক্ত । নবাটায়ানসকল বহুবোৰ যাযাবৰ বেদুইন উপজাতিৰ ভিতৰত অন্যতম আছিল যি আৰব মৰুভূমিত ঘুৰি ফুৰিছিল তেওঁলোকৰ ফচল সমূহ লগত লৈ আৰু য’তেই মাটি আৰু পানীৰ সন্ধান পাইছিল তাতেই থাকিছিল ৷ পেট্ৰাত বানপানী হৈছিল ৷ কিন্তু নদীবান্ধ, জলাশয় আদিত পানী জমা কৰাৰ যোগেদি তেওঁলোকে কেৱল বানপানী নিয়ন্ত্ৰণ কৰাই নহয় সেই পানী শুকান বালিৰ চহৰখন সমৃদ্ধ কৰাটো ব্যৱহাৰ কৰিছিল ৷ শিলত কটা "দা ট্ৰেজাৰি”, শিলৰ মাজৰ "আল-চিক" নামৰ খোজকঢ়া পথটো, ৩ খ্ৰীষ্টপূৰ্বতেই নিৰ্মাণ হোৱা "আদ-দেইৰ" নামৰ মনেষ্টেৰীটো, “হাই প্লেচ অফ্‌ চেক্ৰিফাইচ" লামেৰে বিখ্যাত ঐতিহাসিক ধৰ্মীয় স্থান আৰু তেনে বহুতো কেৱল শিলত কাটি বনোৱা স্থান আছে পেট্ৰাত, যিবিলাক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ৷

Your Comments