মানৱ দৰদী প্ৰয়াত ৰাজেন্দ্ৰ নাথ কলিতাৰ ৰাজহুৱা স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা

Meeting

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৭ নৱেম্বৰঃ

গুৱাহাটী মহানগৰৰ ৰুক্মিণী নগৰত আজি বিয়লি মানৱ দৰদী প্ৰয়াত ৰাজেন্দ্ৰ নাথ কলিতাৰ ৰাজহুৱা স্মৃতিচাৰণ সভা আৰু সোঁৱৰণী গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়।বিশিষ্ট সমাজকৰ্মী তথা সাহিত্যিক হৰেন দাসৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনত সোঁৱৰণী গ্ৰন্থখন উন্মোচন কৰে  গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডঃ সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে।গ্ৰন্থখন উন্মোচন কৰি তেওঁ ভাষন প্ৰসংগত উপস্থিত ৰাইজক  গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ সৃষ্টি কৰিবলৈ আহ্বান জনায়।সংৰক্ষণতে অকল গ্ৰন্থ সৃষ্টিৰ প্ৰাসংগিকতা সীমাবদ্ধতা নহয়,যদিহে তাক অধ্যয়ন কৰা নাযায়।আনহাতে,মঞ্চত আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি বিশিষ্ট লিখক পশুপতি হাজৰিকা,ডাঃ প্ৰমোদ বৰ্মন,অসম সচিবালয়ৰ অৱসৰী কৰ্মচাৰী সুৰেন দাস,আৰু উপেন্দ্ৰ নাথ বেজবৰুৱা উপস্থিত থাকে।সভাৰ আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰে কন্ঠশিল্পী তৰালী চৌধুৰীয়ে।তাৰ পিছতে বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।সভাত প্ৰয়াত ৰাজেন্দ্ৰ নাথ কলিতাৰ কৰ্মময়,ৰাজহুৱা জীৱন সন্দৰ্ভত বিভিন্নজনে আলোকপাত কৰে।অনুষ্ঠানটোৰ আঁত ধৰে বিভা ডেকাই।  সভাৰ অন্তিম মূহূৰ্তত শলাগৰ শৰাই আগবঢ়াই চন্দামিতা কলিতাই।


  

Your Comments