ঘগ্ৰাপাৰৰ আকনাৰ শ্ৰীশ্ৰী গোপালধাম সনাতন আশ্ৰমৰ প্ৰতিষ্ঠা দিৱস-জন্মজয়ন্তী উৎসৱ উদযাপন

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৫ নৱেম্বৰঃ

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আকনা (বামুণগাঁও)শ্ৰীশ্ৰী গোপালধাম সনাতন আশ্ৰমত বিগত বৰ্ষৰ লেখীয়া এইবেলিও আজি ক'ভিড প্ৰটকল মানি প্ৰতিষ্ঠা দিৱস আৰু জন্মজয়ন্তী উৎসৱ দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়।আশ্ৰম পৰিচালনা সমিতিয়ে ক'ভিড প্ৰটকলৰ সকলো নীতি -নিয়মৰে আয়োজন কৰা আজিৰ উক্ত অনুষ্ঠানত অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা দেখা যায়।

Ghagrapar

আজি পুৱাৰে পৰা পুৰুষ -মহিলা ভক্তপ্ৰাণ ৰাইজে আশ্ৰমখন উপস্থিত হৈ মনোবাঞ্চা পূৰণৰ অৰ্থে চাকি-বন্তি জ্বলাই সেৱা লোৱাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়।অনুষ্ঠানত অঞ্চলটোৰ আয়তী- নামতীসকলে নাম পৰিৱেশন কৰে।ইয়াৰ পূৰ্বে পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণ,বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Your Comments