সন্ত্রাসবাদীৰ সহায়কাৰীকো দোষী সাব্যস্ত কৰা উচিত:মোদী

Modi

সন্ত্রাসবাদীক সহায় কৰাৰ বাবে নাম নোলোৱাকৈয়ে পাকিস্তানক লক্ষ্য কৰি মন্তব্য কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৷ মোদীয়ে স্পষ্টভাৱে জনালে, যি দেশে সন্ত্রাসবাদীক সহায় কৰে, সেইসমূহ দেশক দোষী হিচাপে বিবেচনা কৰিব লাগিব। চীনৰ সন্মুখতে সেই কথাত হয়ভৰ দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। 

Modi

মঙলবাৰে ব্রিকচ্‌ৰ ভার্চুৱেল সম্মিলনত অংশগ্রহণ কৰে মোদীয়ে ৷ পাঁচখন দেশৰ সেই সংগঠনত সন্ত্রাসবাদ-বিৰোধী নতুন কৌশল গ্রহণৰ বাবে তেওঁ ক’লে, ‘বর্তমান বিশ্বৰ সকলোতে ডাঙৰ সমস্যা হ’ল সন্ত্রাসবাদ। যি দেশে সন্ত্ৰাসবাদীবোৰক সহায় আৰু সমর্থন কৰে, সেই দেশসমূহক দোষী সাব্যস্ত কৰাৰ প্রয়োজনীয়তা আছে।' নাম নক’লেও  মোদীৰ লক্ষ্য যে পাকিস্তান আছিল, সেই বিষয়ে একমত কূটনীতিবিদসকল।

Your Comments