"বিহাৰ নিৰ্বাচনৰ পৰা কংগ্ৰেছে শিক্ষা লওক"-সাংসদ অজিত কুমাৰ ভূঞা

Ajit Kumar Bhuyan

*"আজমলৰ কথা কৈ কৈ ভোট বিচাৰিছে বিজেপিয়ে"*


কংগ্ৰেছ-এআইইউডিএফৰ সমৰ্থনত ৰাজ্যসভালৈ নিৰ্দলীয় প্ৰাৰ্থী ৰূপে নিৰ্বাচিত হোৱা সাংসদ অজিত কুমাৰ ভূঞা কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ।"বিৰোধীৰ বিগ ব্ৰাডাৰ কংগ্ৰেছে বিহাৰৰ নিৰ্বাচনৰ পৰা শিক্ষা লোৱা উচিত।অসমত নেতৃত্বৰ দুৰ্বলতাৰ বাবে মহাজোঁঁটবন্ধনৰ পদক্ষেপ ল'ব পৰা নাই কংগ্ৰেছে-ভূূঞাই কয়।

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পিছতো কংগ্ৰেছৰ নেতৃত্বই মহা জোঁটবন্ধনৰ ভূমিকা ল'ব নোৱাৰাত ক্ষুব্ধ হৈ সাংসদ ভূূঞাই কয়-"বাওঁপন্থী দলসমূহৰ লগত এআইইউডিএফে মিত্ৰতা কৰিবলৈ আগবাঢ়ি অহাৰ পিছতো কংগ্ৰেছৰ ফালৰ পৰা কোনো সঁহাৰি নাই।বিজেপিক পৰাভূত কৰিবলৈ হ'লে মহাজোঁঁটৰ বিকল্প নাই।বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত ঐক্যবদ্ধ হ'ব লাগে।"

উল্লেখ যে বিজেপিৰ প্ৰতি মানুহৰ মোহভংগ হোৱা বুলি কৰা ধাৰণা ভুল বুলি আখ্যা দিয়ে সাংসদ ভুঞাই।তেওঁ কয়-"এনে ভুল পূৰ্বতে অসম গণ পৰিষদে কৰিছিল।"

বিজেপিৰ মোগল সম্পৰ্কে সম্যক জ্ঞান নাই বুলি উল্লেখ কৰি সাংসদ ভূূঞাই কয়- "আজমলক দেখুৱাই দেখুৱাই ভোট বিচাৰিছে একাংশ নেতাই।আজমল যদি বাংলাদেশী, তেন্তে আজমলৰ বিৰুদ্ধে নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি এআই ইউডিএফৰ স্বীকৃতি বাতিল ব্যৱস্থা কৰক বিজেপিয়ে।অন্যথা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবই  এআইইউডিিএফে।"

আঞ্চলিক গণ মৰ্চাৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ভুঞাই কয়-"এআইইউডিএফ, কংগ্ৰেছে অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ দাবীত সৰৱ হওঁক।

বিহাৰৰ নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰি ভূঞাই কয়-"পৰিৱৰ্তনকামী জনতাৰ বাবে বিহাৰৰ নিৰ্বাচনৰ ফলাফল তাপৰ্যপূৰ্ণ।নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হ'লেও তেজস্বী যাদৱৰ নাম তেজস্বী নায়কলৈ পৰিৱৰ্তন হৈছে।"

Your Comments