বঙাইগাঁৱত বিদ্যাৰ্থীৰ মাজত চিঠি লিখা কাৰ্যৰ যোগেদি লিখন দক্ষতা বৃদ্ধিৰ পদক্ষেপ

Bongaigaon

*'ডাক পখিলী' নামৰ পৰীক্ষামূলক প্ৰকল্পৰ উদ্বোধন*
 
#বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলা প্ৰশাসনে জিলা প্ৰাথমিক শিক্ষা বিভাগৰ সহযোগত ক'ৰ'না অতিমাৰীয়ে গতানুগতিক শিক্ষা ব্যৱস্থালৈ কঢ়িয়াই অনা প্ৰত্যাহ্বান অব্যাহত থকাৰ এই সময়ছোৱাত জিলাখনৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিঠি লিখা কাৰ্যৰ যোগেদি লিখন দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে শনিবাৰে 'ডাকপখিলী' নামৰ এটা পৰীক্ষামূলক প্ৰকল্প তথা উদ্ভাৱনীমূলক কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে।এই কাৰ্যসূচীৰ জৰিয়তে শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীলৈ বিভিন্ন বিষয়ত আলোকপাত কৰি পত্ৰ লিখিব বাৰু তাৰ প্ৰত্যুত্তৰত ছাত্ৰ-ছাত্ৰীসকলেও তেওঁলোকৰ শিক্ষক-শিক্ষয়িত্ৰীলৈ পত্ৰ লিখিব আৰু এই পত্ৰসমূহ সংশ্লিষ্ট বিদ্যালয়ত থকা 'ডাক পখিলী’ নামৰ ডাকবাকচত ৰখাৰ ব্যৱস্থা কৰা হ'ব।শিক্ষক-শিক্ষয়ত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ পত্ৰসমূহ পৰ্যালোচনা কৰি যোগাত্মক উক্তি আৰু মন্তব্যৰে তথা 'তৰা' চিহ্নৰে চিহ্নিত কৰি পৰৱৰ্তী পত্ৰ লিখাৰ বাবে উৎসাহ যোগাব৷ শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ পত্ৰসমূহ প্ৰতি শনিবাৰে সংগ্ৰহ কৰি তেওঁলোকৰ মতামতসহ পত্ৰৰ এটি প্ৰতিলিপি প্ৰতি বুধবাৰে ছাত্ৰ-ছাত্ৰীসকললৈ প্ৰেৰণ কৰিব।এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত পাঁচখন বিদ্যালয়ৰ পঞ্চমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক 'ডাক পখিলী’ৰ বাবে নিৰ্বাচিত কৰা হৈছে।এই বিদ্যালয়কেইখন হ'ল ক্ৰমে বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয়,শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়,কালীবাৰী বিদ্যানিকেতন মজলীয়া বিদ্যালয়,নেতাজী হিন্দী বিদ্যাপীঠ মজলীয়া বিদ্যালয় আৰু ৬৩ নং আটুগাঁও প্ৰাথমিক বিদ্যালয়।এই পাঁচোখন বিদ্যালয়তেই 'ডাক পখিলী’ অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰা হয়৷এই কাৰ্যসূচীত পাঁচোখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ পত্ৰসমূহ সংগ্ৰহ কৰে আৰু বিদ্যালয়ত থকা 'ডাক পখিলী' বাকচত ভৰাই থয়৷এই কাৰ্যসূচীত পাঁচখন বিদ্যালয়ৰ পৰা সৰ্বমুঠ ১৯১ খন পত্ৰ সংগ্ৰহ কৰা হয়৷ উল্লেখ্য যে এই পাঁচখন বিদ্যালয়ৰ সফলতাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পৰ্যায়ত সকলো বিদ্যালয়কে 'ডাক পখিলী'ৰ দ্বাৰা সামৰি লোৱা হ’ব৷

 

Your Comments