শিৱসাগৰত ২১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয়ত পাঠদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা সন্দৰ্ভত সভা

Sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই: 

ক'ভিড-১৯ সম্পৰ্কীয় সম্পূৰ্ণ স্বাস্থ্য বিধি মানি অহা ২১ ছেপ্টেম্বৰৰ পৰা সমগ্র ৰাজ্যখনৰ লগতে শিৱসাগৰ জিলাৰ ১৫৭ খন বিদ্যালয়তো আৰম্ভ কৰা হ'ব নৱম,দশম,একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া৷ এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰদান কৰা নিৰ্দেশনা সম্পৰ্কে অৱগত কৰাৰ উদ্দেশ্যেৰে যোৱা ১৮ ছেপ্টেম্বৰত অতিৰিক্ত উপায়ুক্ত জুনুমণি সোনোৱালৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্য্যালয়ৰ ছুকাফা সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয়। 

সভাত অতিৰিক্ত উপায়ুক্ত জুনুমণি সোনোৱালে বিদ্যালয়সমূহৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা সম্পৰ্কে জিলাখনৰ বিদ্যালয় সমূহৰ প্ৰধান শিক্ষকসকলক অৱগত কৰে। তেওঁ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগতে বিদ্যালয়সমূহৰ ছেনিটাইজেচন প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বিদ্যালয়সমূহত হাত ধোৱাৰ ব্যৱস্থা মজুত ৰখাৰ লগতে চাবোন আৰু হেণ্ড ছেনিটাইজাৰৰ পৰ্যাপ্ত ব্যৱস্থা ৰাখিবলৈ কয়। তেওঁ কয় যে চৰকাৰী নিৰ্দেশনামৰ্মে নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সোমবাৰ,বুধবাৰ আৰু শুকুৰবাৰে তথা দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান মঙলবাৰ,বৃহস্পতিবাৰ আৰু শনিবাৰে কৰা হ'ব। এই পাঠদান কাৰ্যসূচী ৫০ শতাংশ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ উপস্থিতিত কৰা হ'ব। একোটা শ্ৰেণীত ২০ গৰাকীতকৈ অধিক শিক্ষাৰ্থী থাকিব নোৱাৰে বুলিও তেওঁ অৱগত কৰে। পাঠদানৰ পূৰ্বে শিক্ষাৰ্থীসকলৰ ক'ভিড- ১৯ -ৰ পৰীক্ষা কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে। 

সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক আব্দুল জেলিলে শ্রেণীসমূহ দুটা ভাগত- পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দুপৰীয়া ১ বজাৰ পৰা বিয়লি ৪ বজালৈ কৰা হ'ব বুলি উল্লেখ কৰে। পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগতে অভিভাৱকসকলৰ পৰা লিখিত সন্মতি লোৱা হ'ব বুলিও তেওঁ কয়। শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি সচেতনতা অৱলম্বন কৰিবলৈ তেওঁ বিদ্যালয়সমূহৰ প্ৰধানসকলক আহ্বান জনায়। তেওঁ বিদ্যালয়সমূহৰ প্ৰধানসকলক থাৰমেল স্কেনাৰৰ ব্যৱস্থা কৰিবলৈ কয়।

সভাত অংশগ্ৰহণ কৰি নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামীয়ে বিদ্যালয়ৰ প্ৰধানসকলক শিক্ষাৰ্থীসকলৰ স্বাৱ পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগক আগতীয়াকৈ তালিকা প্ৰেৰণ কৰিবলৈ আহ্বান জনায় যাতে পঞ্জীয়ন প্ৰক্ৰিয়া খৰতকীয়া হয়।তেওঁ লগতে পাঠদানৰ প্রথম দিনাখনেই শিক্ষাৰ্থীসকলক অন্ততঃ ১৫ মিনিট সময় ক'ভিড-১৯ ৰোগৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া সতৰ্কতামূলক ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰিবলৈ কয়।সভাত ডাঃ উদয়াদিত্য ৰাজকোঁৱৰে স্বাস্থ্য বিভাগৰ পৰা সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।তেওঁ শিক্ষকসকলক নিজৰ লগতে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য সম্পৰ্কে সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায়।সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰতিনিধিও উপস্থিত থাকে।

Your Comments