উলুবাৰী বৈদ্যুতিক শ্মশানৰ পৰা ড: বাণীকান্ত কাকতিৰ নাম কৰ্তনৰ নির্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

Pic

*মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শ্মশানখন মুকলি কৰাৰ পিছতে সামাজিক মাধ্যমত নামকৰণক লৈ আৰম্ভ হৈছিল বিতৰ্ক*

মহানগৰীৰ উলুবাৰীত বৈদ্যুতিক শ্মশানৰ নামকৰণ ড: বাণীকান্ত কাকতিৰ নামেৰে কৰাক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।সামাজিক মাধ্যমত অসমীয়া জাতিৰ মহান মনীষীগৰাকীক অপমান কৰা বুলি সৰ্বত্ৰে চৰ্চা হোৱাৰ পিছতে শ্মশানখনৰ  পৰা বাণীকান্ত কাকতিৰ নামফলক খুলি পেলোৱাৰ লগতে তৎকালীনভাৱে শ্মশানখনৰ নামকৰণ কৰ্তন কৰাৰো নির্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে।

উল্লেখ যে সোমবাৰে বৈদ্যুতিক শ্মশানখনৰ শুভাৰম্ভ কৰিছিল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্য্যই। শুভাৰম্ভ কৰি শ্মশানখন ড:বাণীকান্ত কাকতিৰ নামেৰে নামকৰণ কৰা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল।

গুৰুত্বপূৰ্ণ যে সামাজিক মাধ্যমত নামকৰণৰ তীব্ৰ সমালোচনা হোৱাৰ পিছতেই ২৪ঘণ্টাৰ ভিতৰতে এগৰাকী দায়িত্বশীল কেবিনেট মন্ত্ৰীয়ে উদ্বোধন কৰা শ্মশানখনৰ নাম কৰ্তন কৰিব লগা হোৱা কাৰ্য চৰ্চাৰ বিষয় হৈ পৰিছে।

Your Comments