গোলাঘাটত প্ৰথমজন ক'ভিড ৰোগীৰ মৃত্যু:প্ৰাণ হেৰুৱালে ২৬ বছৰীয়া যুৱকে

Golaghat Covid Death

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:

২৬ বছৰীয়া এজন যুৱক উত্তম দাস।গোলাঘাট নৰা গাঁৱৰ যুৱকজন যোৱা ১১ জুলাইৰ নিশা অকালতে মৃত্যুক সাৱটি ল'লে।খবৰ অনুসৰি 'পপুলাৰ ফাৰ্মাচী'ত কৰ্মৰত যুৱকজন যোৱা কিছুদিনৰ পৰা জ্বৰ,কাহ আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগত ভুগি আছিল।প্ৰচণ্ড জ্বৰত ভোগা যুৱকজনক ১১ জুুলাইৰ নিশা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰাইছিল যদিও চিকিৎসকে  লগে লগে  যুৱকজনক যোৰহাটলৈ প্ৰেৰণ কৰিছিল। আদবাটতে অৱস্থা অধিক সংকটজনক হৈ পৰাত দেৰগাঁৱৰ চিকিৎসালয়তে ভৰ্ত্তি কৰাই যদিও যুৱকজনৰ উক্ত চিকিৎসালয়তে মৃত্যু হয়।অমায়িক স্বভাৱৰ যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ দেওবাৰলৈকে জানিব পৰা হোৱা নাছিল।যুৱকজনে যোৱা ৭  জুলাইতে স্বাৱ পৰীক্ষা কৰাইছিল যদিও ফলাফল অহাত পলম হোৱাত স্বাস্থ্য বিভাগে মৃত্যুৰ প্ৰকৃত কাৰণ সম্পৰ্কে সঠিককৈ ক'ব পৰা নাছিল।দেওবাৰৰ মাজনিশা ফলাফল অহাত        উত্তম দাসৰ প্ৰকৃততে ক'ভিড পজিটিভত মৃত্যু হৈছে বুলি নিশ্চিত হয়।জিলাখনত প্ৰথম মৃত্যু হোৱা ক'ভিভ ৰোগী এই যুৱকজন যদি ফাৰ্মাচীত বিভিন্ন লোকৰ সৈতে সংস্পৰ্শলৈ আহিছিল তেন্তে অধিক লোক  ক'ভিডত আক্ৰান্ত হোৱাৰ আশংকাৰ সৃষ্টি হৈছে।

Your Comments