ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ:সোমবাৰৰ পৰা লাভ কৰিব দৰমহা

Himanta Biswa Sarma

'লকডাউন'ৰ মাজতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ।সোমবাৰ অৰ্থাৎ পহিলা জুনত লাভ কৰিব মে' মাহৰ দৰমহা।ঘোষণা কৰিলে 
মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।গুৱাহাটীত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি তেওঁ কয়-"এপ্ৰিল মাহৰ তুলনাত ৰাজ্যত বৃদ্ধি পাইছে ৰাজহ সংগ্ৰহ।কৰ্মচাৰীসকলে পহিলা জুনৰ পৰা লাভ কৰিব দৰমহা।"

জুন-জুলাই মাহত ৰাজ্যই হেৰোৱা ছন্দ ওভতাই পাব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়- "জটিল সময় পাৰ কৰিলোঁ।১৫ মে'ৰ পৰা ৩০মে' আমাৰ বাবে জটিল আছিল।"

Your Comments