মুম্বাইৰ পৰা বাছেৰে অসমলৈ আহি আছে জুবিন গাৰ্গ

#zubenGarg@Garima#

'লকডাউন'ত মুম্বাইত আৱদ্ধ হৈ পৰা শিল্পী জুবিন গাৰ্গ অৱশেষত ঘূৰি আহিছে অসমলৈ।অসম চৰকাৰৰ অনুমতি লৈ এখন বিশেষ বাছত উভতি আহিছে শিল্পী জুবিন।উল্লেখ যে বিগত ৯মার্চৰ পৰা মুম্বাইত থকা শিল্পী জুবিনৰ লগতে অসমলৈ আহিছে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু দুই সংগীত শিল্পী।

শিল্পী জুবিনে যাত্ৰা কৰা শ্লিপাৰ বাছখনৰ দুই শিল্পী হৈছে পাৰ্থ প্ৰতিম গোস্বামী,সিদ্ধাৰ্থ শৰ্মা।শুকুৰবাৰে পুৱা ৭ বজাত মুম্বাইৰ আন্ধেৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিছে বিশেষ বাছখনে।

Your Comments