ক'ৰ'না প্ৰতিৰোধ:শীঘ্ৰে সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিবলৈ চৰকাৰক আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

Pic

মহামাৰী ক'ৰ'না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি এতিয়া 'লকডাউন'।লকডাউনৰ এই জটিল সন্ধিক্ষণত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চৰকাৰলৈ কেইটামান গুৰুত্বপূৰ্ণ আহ্বান জনাইছে।সেই অনুসৰি  জটিল পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ চৰকাৰে শীঘ্ৰে আয়োজন কৰক এখন সৰ্বদলীয় বৈঠকৰ।লগতে দৈনিক মজদুৰ,কৃষক,শ্ৰমিক,পশুপালক,মীনপালক, চাহ মজদুৰ,ঠেলাৱালা,ৰিক্সাৱালা আদিৰ লগতে দুখীয়া-দৰিদ্র সীমাৰেখাৰ লোকসকলৰ সাহায্যৰ বাবে চৰকাৰে গ্রহণ কৰক এখন 'সম্পূর্ণ আঁচনি'।

ইয়াৰ উপৰিও আগন্তক দিনসমূহত ৰাজ্যখনে সন্মুখীন হ'বলগীয়া সম্ভাব্য অৰ্থনৈতিক সংকটৰ মুখামুখি হ'বলৈ চৰকাৰে ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন ক্ষেত্রৰ বিশেষজ্ঞসকলৰ লগত বিশদ আলোচনা কৰি এখন "Action Plan''(এক্সন প্লেন) গ্রহণ কৰিব লাগে বুলি গগৈয়ে কয়।

একেদৰে বৰ্তমান সময়ত সম্ভাব্য অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰিবলৈ অসম চৰকাৰৰ কৃষি বিভাগ,পশুপালন বিভাগ,যোগান বিভাগ আদিয়ে যি ক্ষিপ্রতাৰে  যাৱতীয় ব্যৱস্থা আৰু আঁচনি গ্রহণ কৰিব লাগিছিল,তাক গ্রহণ কৰাত চৰকাৰখন ব্যর্থ হোৱা বুলি গগৈয়ে গুৰুতৰ অভিযোগ উথাপন কৰে।

Your Comments