'লকডাউন' উলংঘা:মহানগৰীৰ গণেশগুৰিত তীব্ৰ যান-জঁট

Pic

মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি চৰকাৰে ঘোষণা কৰিছে ২১দিনীয়া 'লকডাউন'।লকডাউনৰ সময়ছোৱাত প্ৰশাসন তথা চৰকাৰৰ ফালৰ পৰা বাৰে বাৰে কোৱা হৈছে জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত গাড়ীৰ বাহিৰে কোনো কাৰণতে চলাচল কৰিব নোৱাৰিব ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ বাহন।যোৱা ২৪মাৰ্চৰ পৰা কাৰ্যকৰী হোৱা লকডাউন শেষ হবলৈ ছয়টা দিন বাকী থকাৰ সময়তে খোদ গুৱাহাটীত একাংশ দায়িত্বজ্ঞানহীন নাগৰিকে প্ৰশাসনৰ নির্দেশনাক উলংঘা কৰি নিজ-নিজ বাহনত ৰাজপথলৈ ওলাই আহিছে।গণেশগুৰি গণেশমন্দিৰৰ পৰা উৰণীয়া হেতুলৈ প্ৰশাসনৰ বাধা স্বত্তেও অন্যদিনৰ ব্যস্ততাৰ দৰে ৰাজপথত শ-শ গাড়ী।সমগ্ৰ পথচোৱাত তীব্ৰ যান-জঁট।নিয়ন্ত্ৰণ কৰি ভাগৰি পৰিছে মহানগৰীৰ পুলিচ প্ৰশাসন।আৰক্ষীৰ অনুৰোধৰ পিছতো কোনো সঁহাৰি নাই দায়িত্বজ্ঞানহীন নাগৰিকৰ।

ইফালে,দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ক'ৰ'না আক্রান্তৰ সংখ্যা।ৰাজ্যত বৰ্তমান সময়লৈকে আক্রান্ত হৈছে ২৮জনকৈ ব্যক্তি আৰু তাৰ পিছতো খোদ দিছপুৰৰ কাষতে আইন ভংগ কৰি এইদৰে ৰাজপথত তীব্ৰ যান-জঁট সৃষ্টিৰ দৃশ্যই অস্বস্তিত পেলাইছে সচেতন নাগৰিকক।

সচেতন সমাজে চৰকাৰ তথা প্ৰশাসনৰ সোপা-ঢিলা নীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়-"লকডাউনৰ প্ৰথম দিনকেইটাত লকডাউন ভংগকাৰীৰে বিৰুদ্ধে যি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল,সেই একে কঠোৰ ব্যৱস্থা কিয় মহানগৰীৰ অভিজাত সমাজৰ বিৰুদ্ধে গ্ৰহণ কৰিব পৰা নাই।আইন ভংগ কৰি যান-বাহন লৈ অহা দায়িত্বজ্ঞানহীন নাগৰিকৰ বিৰুদ্ধে গ্ৰহণ কৰক কঠোৰ ব্যৱস্থা।"

Your Comments