ৰাজ্যত ২৭জনলৈ বৃদ্ধি পালে ক'ৰ'না আক্রান্ত

Pic

দুটা দিনৰ পিছত পুনৰ বৃদ্ধি পালে ৰাজ্যত ক'ৰ'না আক্রান্তৰ সংখ্যা।সেই অনুসৰি ২৭ জনলৈ বৃদ্ধি হ'ল মহামাৰী ক'ৰ'নাত আক্রান্তৰ সংখ্যা।ধুবুৰী জিলাত চিনাক্ত হৈছে নতুন আক্রান্ত ব্যক্তিগৰাকী।আক্রান্ত ব্যক্তিগৰাকী নিজামুদ্দিন তবলিগীৰ ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত।এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

গুৰুত্বপূৰ্ণ যে বৰ্তমান সময়লৈকে ৰাজ্যত চিনাক্ত হোৱা ২৭ গৰাকী ক'ৰ'না আক্ৰান্তৰ ভিতৰত ২৬ গৰাকীয়ে নিজামুদ্দিনৰ তবলিগী জামাতৰ সৈতে জড়িত।

Your Comments