হাজোত চৰকাৰী কৰ্তব্যৰত গাড়ীৰে মদৰ বেহা:গাড়ী জব্দ,জড়িত কৰ্মচাৰীক আটক,তদন্তৰ দাবী

Pic

কমলাকান্ত দাস,হাজো:

কামৰূপ জিলাৰ হাজোৰ সানপাৰা গ্ৰাণ্ট গাঁৱত শনিবাৰে বিয়লি উত্তৰ গুৱাহাটী চক্ৰ বিষয়া কাৰ্যালয়ৰ অনুমতি -পত্ৰ থকা AS 01 BB 5354 নম্বৰৰ হোণ্ডাই- ইঅন গাড়ীখনেৰে চুলাই মদ সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীয়ে গাড়ীখন জব্দ কৰে। গাড়ীখনৰ চালক উজান টোক্ৰাদিয়াৰ নয়ন কলিতাকো আটক কৰা হৈছে।গাড়ীখন নৰোত্তম দাস নামৰ এগৰাকী ব্যক্তিৰ যদিও কেনেকৈ সতীশ দাস নামৰ আমিনগাঁঁওস্থিত উত্তৰ গুৱাহাটী চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীজনৰ নামত 'কাৰপাছ ' উলিয়াইছে সেইটোহে  ৰহস্যজনক বিষয় হৈ পৰিছে।

Pic

জিলা প্ৰশাসনে কোনো বাচ বিচাৰ নকৰাকৈ যধে-মধে 'কাৰপাছ' প্ৰদান কৰি আছে নেকি -  এনে প্ৰশ্ন উদয় হোৱাত হাজোৰ বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।সচেতন মহলে ইয়াৰ এক উচিত তদন্ত দাবী কৰিছে।

Your Comments