ক'ভিড -১৯ যুঁজলৈ চৰকাৰলৈ ৰাইজৰ অভূতপূৰ্ব সহাঁৰি : অসম আৰোগ্য নিধিত জমা হৈছে১৭.৩৭ কোটি টকা

Himn

নিউজ ডেস্ক:
মাৰাত্মক ক'ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ আহ্বানলৈ ব্যাপক সঁহাৰি জনতাৰ।ইতিমধ্যে বিশ্বত সংসাৰি ৰূপ ধাৰণ কৰা ক'ৰোনা ভাইৰাছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰক যুজঁ দিবলৈ জনতাই আগবঢ়াইছে বৃহৎ পৰিমাণৰ পুঁজি।এই কথা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ বিত্ত-স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৫এপ্ৰিলৰ বিয়লি ২.২০বজালৈ  'অসম আৰোগ্য নিধি'লৈ ৮০৫৪গৰাকীকৈ ব্যক্তি অথবা অনুষ্ঠানে আগবঢ়াইছে সৰ্বমুঠ ১৭.৩৭কোটি টকা।

উল্লেখ্য যে মাৰাত্মক ক'ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাইজৰ পৰা আৰ্থিক সঁহাৰি বিচাৰিছিল ৰাজ্য চৰকাৰে।

Your Comments