গণতন্ত্ৰ দিৱস উপলক্ষে ঘগ্ৰাপাৰত আৰক্ষী-গাঁওৰক্ষী বাহিনীৰ বিশেষ তৎপৰতা

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

আগন্তুক গনতন্ত্ৰ দিৱস উপলক্ষে নলবাৰী জিলা  প্ৰশাসনৰ লগতে ঘগ্ৰাপাৰ আৰক্ষী প্ৰশাসনে বিগত কিছুদিনৰ পৰা  ব্যাপক তৎপৰতা চলাই থকা পৰিলক্ষিত হৈছে।  আনহাতে,জিলাখনৰ  চৌদিশে  কটকটীয়া  নিৰাপত্তা  ব্যৱস্থা  গঢ়ি তুলিছে।নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক অমনজিৎ কৌৰে  অলপতে নলবাৰীৰ আৰক্ষী চাউনীত জিলাখনৰ  আৰক্ষী থানা আৰু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা নিৰাপত্তা বিভাগৰ বিভিন্ন কোষৰ বিষয়া-কৰ্মচাৰীৰ মাজত অনুষ্ঠিত কৰা এখন সজাগতামূলক সভাৰ জৰিয়তে গণতন্ত্ৰ দিৱসৰ সময়ত বিশেষ তৎপৰতাৰে নিছিদ্ৰ নিৰাপত্তা ব্যবস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছিল। উল্লেখ্য যে ঘগ্ৰাপাৰ আৰক্ষী থানা অন্তৰ্গত ১৪৫ টা চৰকাৰী নথিভুক্ত গাওঁৰক্ষী বাহিনী আছে। ঘগ্ৰাপাৰতো আৰক্ষী প্ৰশাসনে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে গাঁওৰক্ষী বাহিনীসমূহ তৎপৰ হোৱা পৰিলক্ষিত হৈছে।ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে  জানিবলৈ দিয়া মতে  ঘগ্ৰাপাৰ থানা এলেকাত  কোনো  দুস্কৃতিকাৰীয়ে  যাতে কূটাঘাতমুলক কাৰ্য্য সংঘটিত কৰিবলৈ নোৱাৰে,তাৰ বাবে আৰক্ষীয়ে দিনে-নিশাই সজাগ হৈ থকাৰ লগতে গাঁওৰক্ষী বাহিনীসমূহেও দিনে -নিশাই নিজ নিজ এলেকাৰ চৰকাৰী অনুষ্ঠান, ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ,ঘগ্ৰাপাৰ ৰেলৱে ষ্টেচন, মোবাইল টাৱাৰ,এ টি এম আদিত নিয়োজিত হৈ আছে। উল্লেখ‍্য যে ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ,ঘগ্ৰাপাৰ ৰেলৱে ষ্টেচন, মোবাইল টাৱাৰ,এ টি এম আদিত নিয়োজিত হৈ আছে। 

Pic

আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান দিনে -ৰাতিয়ে  দুচকীয়া বাহন, ডাঙৰ যাত্ৰীবাহী গাড়ী, সৰু সৰু ব্যক্তিগত যান-বাহন আদিত  তালাচী চলাইছে। দুস্কৃতিকাৰীক চিনাক্ত কৰিবলৈ চোকা দৃষ্টি ৰাখিছে। ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বাহাৰঘাট, দেহাৰকুছি,বৰখালা, চতমা, নাৰপাৰা  , বৰাজোল,আল্লিয়া , নাৰায়ন গাওঁ, তিনিপুখুৰী,খাতিকুছি,বালিতাৰা , দিহজাৰী আদি অঞ্চলত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। ইফালেকোনো সন্দেহজনক ব্যাক্তিৰ চালচলন অথবা কোনো গৰাকীবিহীন বেগ দেখা পালে তৎক্ষণাৎ আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে। -
 

Your Comments