উচ্চতম ন্যায়ালয়ৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে ন্যায়াধীশ এছ এ ববডেই

Pic

দেশৰ উচ্চতম ন্যায়ালয়ৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে সোমবাৰে পুৱা শপত গ্ৰহণ কৰিলে ন্যায়াধীশ এছ এ ববডেই।ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত ন্যায়াধীশ ববডেক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।শপত গ্ৰহণ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি ভেংকেয়া নাইডু,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ,প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।শপত লোৱাৰ পিছত বৰ্ষীয়ান মাতৃৰ ভৰি চুই সেৱা কৰি আশীৰ্বাদ লয় ন্যায়াধীশ এছ এ ববডেই।

Your Comments