ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো অসমৰ সন্ত্ৰাস সৃষ্টিকাৰী 'লাডেন'ৰ চৰ্চা

Pic

অসমৰ গোৱালপাৰা জিলাত আতংকৰ সৃষ্টি কৰি 'লাডেন' নাম পোৱা বন্যহস্তীটোৰ চৰ্চা এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো।বিগত চাৰিটা বছৰত ৩০ জনতকৈ অধিক ব্যক্তিক হত্যা কৰা আৰু যোৱা ৩০ অক্টোবৰৰ নিশা জিলাখনৰ মাটিয়াত ৫ জন লোকক হত্যা কৰা এই বনৰীয়া হাতীটোৱে কেনেদৰে গোৱালপাৰা জিলাত আতংকৰ সৃষ্টি কৰি আহিছে,সেই বিষয়ে 'এবিপি নিউজ'ৰ দৰে ৰাষ্ট্ৰীয় বাতৰি চেনেলৰ ৱেব ছাইটত বাতৰি প্ৰকাশ পাইছে।লগত 'টাইমছ অব ইণ্ডিয়া'ৰ ৱেবছাইটত প্ৰকাশ পাইছে যে আল কায়দাৰ প্ৰাক্তন মুৰব্বী ওচামা বিন লাডেনৰ মৃত্যু হলেও অসমত আন এটা লাডেনৰ সন্ত্ৰাস অব্যাহত।

Your Comments