বৰপেটাত জিলা কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

Pic

বৰপেটাৰ পৰা ৰঞ্জিত তালুকদাৰ:

দেশৰ ভয়াৱহ অৰ্থনৈতিক মন্দাবস্থা,নিবনুৱা সমস্যাৰ সমাধান, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত বৃৃহস্পতিবাৰে অৱস্থান ধৰ্মঘট পালন কৰে  বৰপেটা জিলা কংগ্ৰেছে৷বিজেপি চৰকাৰৰ সামগ্ৰিক ব্যৰ্থতাৰ বিৰুদ্ধেও প্রতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বৰপেটা জিলা কংগ্ৰেছে।বৰপেটাৰ আৱৰ্ত ভৱনৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

প্ৰতিবাদী শ্লোগানেৰে উত্তাল  হৈ পৰে ধৰ্মঘটস্থলী ৷'মোডী হাটাও দেশ বাচাও শ্লোগান' দিয়ে কংগ্ৰেছে।কাৰ্যসূচীত চেঙা সমষ্টিৰ।  বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী শুকুৰ     আলী    আহমেদেও  অংশগ্ৰহণ কৰে।বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিকে ধৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

Your Comments