জম্মু-কাশ্মীৰত শান্তিপূৰ্ণভাৱে ঈদ পালন

kashmir

নিউজ ডেস্ক:
জম্মু-কাশ্মীৰত শান্তিপূৰ্ণভাৱে পালন কৰা হ'ল ঈদ।ঈদ উপলক্ষে ৰাজধানী শ্ৰীনগৰকে ধৰি বিভিন্ন চহৰ-নগৰত উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হয়।শ্ৰীনগৰৰ ৰাজপথত যথেষ্টসংখ্যক যান-বাহনৰ চলাচল দেখা যায়। পৰিয়াল-পৰিজনৰে সৈতে বহুসংখ্যক লোক ৰাজপথলৈ ওলাই আহি ঈদৰ আনন্দত অংশগ্ৰহণ কৰে।আজিৰ দিনটোত শ্ৰীনগৰত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই।

Your Comments