নতুন দিল্লীত 'আছাম ডেলিকেছী' মুকলিৰে সফল ক্ৰীড়াবিদ-ব্যৱসায়ী "হাদি"ৰ নতুন যাত্ৰা

hadi

নিউজ ডেস্ক :

সততা আৰু নিষ্ঠাৰে একাগ্ৰচিত্তে কাম কৰি গ'লে যিকোনো ক্ষেত্ৰতে মানুহে সফলতা স্পৰ্শ কৰাটো সম্ভৱ।এই কথাখিনিৰ সত্যতা প্ৰমাণ হৈছে ৰঙিয়াৰ এজন যুৱক মজাহাৰুল ইছলাম ওৰফে হাদিৰ ক্ষেত্ৰত।কৰ্মক্ষেত্রত  অধ্যৱসায়ৰে ক্ৰীড়া আৰু ব্যৱসায় দুয়োটা ক্ষেত্ৰতে সমানে প্ৰতিষ্ঠা লাভ কৰিছে তেওঁ।hadi

এজন আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে খেলুৱৈ হাদিয়ে বৰ্তমান নতুন দিল্লীত এখন ৰেষ্টোৰাঁ মুকলি কৰিবলৈ ওলাইছে।নতুন দিল্লীৰ পাহাৰগঞ্জত 'আছাম ডেলিকেছী' নামৰ এখন ৰেষ্টোৰাঁ অহা ১৮ জুলাইত মুকলি কৰিব কৰ্মোদ্যমী যুৱকজনে।hadi2

আছাম ডেলিকেছীক দিল্লীত অসম আৰু অসমীয়াৰ এটা চিনাকি হিচাপে গঢ় দিছে হাদিয়ে,যি যুৱকজনৰ জাতীয়তাবোধৰো পৰিচয় দাঙি ধৰিছে।ৰেষ্টোৰাঁখনত অসমীয়া খাদ্য সম্ভাৰৰ জুতি লৈ দিল্লী নিবাসী অসমীয়াসকলে অসমৰ ঘৰখনৰ খাদ্যৰ সোৱাদ মনত পেলাব পাৰিব।hadi3

উল্লেখ্য যে ৰেষ্টোৰাঁখনত বিভিন্ন পদত অসমীয়া যুৱক-যুৱতীক নিযুক্তি দি হাদিয়ে অসম ভূমিৰ নিবনুৱা যুৱ প্ৰজন্মক কৰ্মসংস্থাপন দিয়াৰ শুভ চিন্তাৰো প্ৰমাণ দাঙি ধৰিছে।hadi2

দেশে বিদেশে অনুষ্ঠিত কাৰাটেৰ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ  প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই অনা মজাহাৰুল ওৰফে হাদিৰ এই নতুন যাত্ৰাত সকলোৱে তেওঁলৈ জনাইছে শুভকামনা।

Your Comments