নলবাৰী আমনি জনকল্যাণ সংঘৰ ৰঙালী বিহু উদযাপন

rongali

নলবাৰীৰ পৰা হেমন্ত কলিতা

 

নলবাৰী জিলাৰ আমনি জনকল্যাণ সংঘৰ উদ্যোগত আমনিত আজি দিনযোৰা কাৰ্যসূচীৰে ৫৩ সংখ্যক ৰঙালী বিহু উৎসৱ উদ্‌যাপন কৰা হৈছে৷  কাৰ্যসূচী অনুসৰি ১৪ মে’ৰ পুৱা ৭ বজাত পৰিৱেশ পৰিষ্কাৰকৰণ,৭-৩০ পতাকা উত্তোলন আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়।পতাকা উত্তোলন কৰে ৰঙালী বিহু উদ্‌যাপন সমিতিৰ সভাপতি নৃপেন্দ্ৰ বর্মনে ৷৮ বজাত বজাত ছহিদ তৰ্পণ কৰা হয় ৷ ৮-৩০ বজাত গছপুলি ৰোপণ কৰা হয় ৷৯ বজাত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা,১০-৩০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।১১ বজাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।আবেলি ৪ বজাত বন্তি প্ৰজ্বলন ৷ সন্ধিয়া ৫ বজাত সম্বর্ধনা অনুষ্ঠান ৷  ৫-৩০ বজাত একক বিহু নৃত্য প্ৰতিযোগিতা ৷

 

নিশা ১০ বজাত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্ধোধন কৰিব বেলশৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কংকন মহন্তই ৷ শিল্পী চুমি কাকতি, ৰিদিপ নিশান আৰু নয়ন জ্যোতিয়ে গীত পৰিৱেশন কৰিব ৷নৃপেন্দ্ৰ বর্মনক সভাপতি , অনিৰুদ্ধ বর্মনক উপ সভাপতি,হিতেশ বর্মন, লক্ষেশ্বৰ বর্মনক সাধাৰন সম্পাদক, অংকুৰ বর্মন আৰু  ধ্ৰুৱজ্যোতি বর্মনক সহকাৰী সম্পাদক হিচাপে লৈ গঠন কৰা পৰিচালনা সমিতিয়ে ৰঙালী বিহু উৎসৱ উদযাপন পৰিচালনা কৰিছে।

Your Comments