নগাঁৱৰ সাংবাদিক ভাস্কৰজ্যোতি মেধিলৈ 'অনুপ্ৰেৰণা' বঁটা

bhaskar

নগাঁৱৰ পৰা ৱাহিদুদ জামান

নগাঁৱৰ যুৱ সাংবাদিক ভাস্কৰজ্যোতি মেধিলৈ আগবঢ়োৱা হৈছে 'অনুপ্ৰেৰণা' বঁটা। সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ৰাজ্যৰ অগ্ৰনী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান 'অনুপ্ৰেৰণা'ই তেওঁলৈ এই বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

আজি নগাঁৱত 'অনুপ্ৰেৰণা'ৰ সাধাৰণ সম্পাদক দীপজ্যোতি শইকীয়াই আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰে। উল্লেখ্য যে সাহিত্য-সংস্কৃতি, সামাজিক আদি বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক 'অনুপ্ৰেৰণা'ই অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যৰে এই বঁটা প্ৰদান কৰি আহিছে । এইবাৰ প্ৰথমবাৰৰ বাবে সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে 'অনুপ্ৰেৰণা'ই অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাগৰাকী সাংবাদিকক 'অনুপ্ৰেৰণা' বঁটা প্ৰদান কৰিব।

এই বঁটাৰ বাবে অসমৰ দুগৰাকী সাংবাদিকৰ ভিতৰত নগাঁওৰ সাংবাদিক ভাস্কৰজ্যোতি মেধিক নিৰ্বাচিত কৰাৰ লগতে জিএল পাব্লিকেশ্যনৰ সাংবাদিক মহেশ চৌধুৰীক নিৰ্বাচিত কৰা বুলি 'অনুপ্ৰেৰণা'ৰ সাধাৰণ সম্পাদক দীপজ্যোতি শইকীয়াই জানিবলৈ দিয়ে। অহা এপ্ৰিল মাহত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব। উল্লেখ্য যে,  'দৈনিক জনমভূমি'ৰ নগাঁৱৰ সাংবাদিক হিচাপে ২০০৩ চনৰ পৰা সংবাদ সেৱা আগবঢ়াই অহা মেধিয়ে নগাঁও প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।

 

Your Comments