নগাঁৱত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়ন-মেট্ৰিক পৰীক্ষাৰ্থীৰ প্ৰ-পত্ৰ পূৰণৰ নামত দুৰ্নীতি

নগাঁৱত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়ন-মেট্ৰিক পৰীক্ষাৰ্থীৰ প্ৰ-পত্ৰ পূৰণৰ নামত দুৰ্নীতি

নৱম শ্ৰেণীৰ ছাত্র-ছাত্ৰীৰ বাবে ছেবাৰ অধীনত কৰিবলগা পঞ্জীয়ন আৰু মেট্ৰিক পৰীক্ষাৰ্থীৰ প্ৰপত্ৰ পূৰণৰ ক্ষেত্ৰত অবিভক্ত নগাঁও জিলাৰ একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত দীৰ্ঘদিন ধৰি ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, চৰকাৰী অনুমতি নথকা জিলাখনৰ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছেবাৰ অধীনৰ বিদ্যাৰ্থীয়ে লাভ কৰা কেতবোৰ সুবিধা লাভ নকৰে। যাৰবাবে ব্যক্তিগত খণ্ডৰ এই বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়নৰ ক্ষেত্ৰত নীতি বহিৰ্ভূতভাৱে একাংশ চৰকাৰী আৰু স্বীকৃতিপ্ৰাপ্ত ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ কাষ চাপিব লগা হয়। অতি আশ্চৰ্যজনক বিষয় এই যে ছেবা ক'ড অথবা চৰকাৰী অনুমতি নথকা ব্যক্তিগত খণ্ডৰ একাংশ বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়নৰ নামত নিৰ্দিষ্ট ১৫০ টকাৰ পৰিৱৰ্তে অধিক পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।

ইপিনে এই কাৰ্যত জড়িত চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠান কৰ্তৃপক্ষই ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ নিজা শিক্ষানুষ্ঠানৰ নিয়মিত ছাত্ৰ-ছাত্ৰী বুলি উল্লেখ কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বৃদ্ধি কৰে। উল্লেখ্য যে শিক্ষা বিভাগৰ নিয়ম অনুসৰি, ৩০ শতাংশতকৈ কম উত্তীৰ্ণৰ হাৰ থকা শিক্ষানুষ্ঠানসমূহে চৰকাৰী সুবিধা লাভ কৰাত ইতিমধ্যে বাধা আৰোপ কৰা হৈছে। আনহাতে, নৱম শ্ৰেণীত পঞ্জীয়ন কৰা সেই নিৰ্দিষ্টসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ ক্ষেত্ৰত একাংশ ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠানে  চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ লগত মিলি সংঘটিত কৰি গৈছে ব্যাপক দুৰ্নীতি। এইবেলি প্ৰতিগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীয়ে বিভাগীয় নিয়ম অনুসৰি পৰীক্ষা মাচুলৰ বাবদ ৬৫০ টকা, পৰীক্ষা কেন্দ্ৰৰ মাচুলৰ বাবদ দিব লাগে ৩০০ টকাসহ  মুঠ ৯৫০ টকা দিব লাগে যদিও দৰিদ্ৰ সীমাৰেখাৰ পৰীক্ষাৰ্থীৰ কোনো মাচুল দিব নালাগে। কিন্তু ছেবাৰ ক'ড নথকা অধিকাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে দীৰ্ঘদিন ধৰি প্ৰায় সকলো পৰীক্ষাৰ্থীৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ মাচুল সংগ্ৰহ কৰি আহিছে। আনহাতে, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে কোনো পৰীক্ষাৰ্থীকে মাচুল ৰেহাই নিদিয়াৰ অভিযোগো দীৰ্ঘদিনীয়া।

এইদৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে একাংশ চৰকাৰী আৰু ভেঞ্চাৰ  শিক্ষানুষ্ঠানৰ সৈতে মিলি লক্ষ লক্ষ টকা প্ৰতি বছৰে আত্মাসাৎ কৰি অহাৰ গুৰুতৰ অভিযোগ উঠিছে। তদুপৰি, ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে কিতাপ-পত্ৰ ক্ৰয়ৰ নামত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা বৃহৎ পৰিমাণৰ ধন আদায় কৰি আহিছে যদিও চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ জৰিয়তে সংগ্ৰহ কৰা বিনামূলীয়া কিতাপ-পত্ৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূল্য ে যোগান নধৰাৰ অভিযোগো আছে। আনহাতে, বিভাগীয় নিয়ম অনুসৰি, প্ৰতি বছৰে মেট্ৰিক পৰীক্ষাৰ সময়ত প্ৰতিটো শিক্ষানুষ্ঠানৰ বিপৰীতে বছৰেকীয়া স্বীকৃতি মাচুল হিচাপে ৮০০ টকা দিব লাগে। কিন্তু চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহে তেওঁলোকৰ অধীনত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন কৰা ব্যক্তিগত খণ্ডৰ প্ৰতিটো শিক্ষানুষ্ঠানৰ পৰা ৮০০ টকা সংগ্ৰহ কৰে যদিও সেই ধন ছেবা কৰ্তৃপক্ষক নিদি বৃহৎ পৰিমাণৰ ধন আত্মাসাৎ কৰাৰো অভিযোগ সৰ্বত্ৰে উঠিছে।

এনেধৰণৰ অভিযোগ সন্দৰ্ভত আজি এগৰাকী সাংবাদিকে জিলাখনৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত সোণাৰীগাঁও হাইস্কুল নামৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষকগৰাকীক প্ৰশ্ন সোধাত শিক্ষকগৰাকীয়ে সাংবাদিকজনক কটু বাক্য প্ৰয়োগ কৰাৰ লগতে বিভিন্ন ধৰণে ভয়-ভাবুকি প্ৰদান কৰাত নগাঁও সাংবাদ মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে জিলাখনৰ কোন কোন চৰকাৰী আৰু ভেঞ্চাৰ  শিক্ষানুষ্ঠানে কোন কোন অনুজ্ঞাপত্ৰবিহীন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত চলিত বৰ্ষৰ নৱম শ্ৰেণীৰ পঞ্জীয়ন কৰি আছে সেই তথ্য বিতংভাৱে পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ কৰা হ'ব।

Your Comments