নগাঁৱত একক অৱস্থান কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

নগাঁৱত একক অৱস্থান কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰণালয়ৰ অৰ্থসাহায্যত আৰু নগাঁৱৰ অন্যতম তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত স্বেচ্ছাসেৱী সংগঠন গ্ৰাম বিকাশ পৰিষদৰ দ্বাৰা পৰিচালিত অসহায় মহিলা আৰু শিশুসকলৰ আশ্ৰয়স্থল "সখী" নামৰ একক অৱস্থান কেন্দ্ৰৰ আজি স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসায় চৌহদৰ মতিৰাম বৰা পথত আজি একক অৱস্থান কেন্দ্ৰটিৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক ৰূপক শৰ্মাই।

তদুপলক্ষে অনুষ্ঠিত এখন ৰাজহুৱা সভাত বিধায়ক শৰ্মাই ভাষণ প্ৰসংগত কয় যে সমগ্ৰ দেশ কঁপাই যোৱা নিৰ্ভয়া কাণ্ডৰ পিছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মহিলা আৰু শিশুসকলৰ সুৰক্ষাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। আনকি কেন্দ্ৰীয় চৰকাৰে 'নিৰ্ভয়া' পুঁজি গঠন কৰি দেশৰ সকলো জিলাতে এখনকৈ একক অৱস্থান কেন্দ্ৰ স্থাপন কৰি বিভিন্ন কাৰণত নিৰ্যাতিত আৰু অসহায় শিশু-মহিলাসকলক সকাহ দিয়াৰ বাবে প্ৰয়াস কৰিছে বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে। লগতে তেওঁ পুৰুষৰ সৈতে মহিলাসকলক সমানে আগুৱাই নিয়াৰ বাবে চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰি বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে বুলিও উল্লেখ কৰে।

নগাঁৱত একক অৱস্থান কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও জিলা সমাজ কল্যাণ বিষয়া দীনেশ দাসে সঞ্চালনা কৰা সভাত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত দুলাল দেৱনাথ, গ্ৰাম বিকাশ পৰিষদৰ মুখ্য উপদেষ্টা ছিৰাজ উদ্দিন আহমেদ, বিশিষ্ট অধিবক্তা শ্বাহিন খানম, নগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ জে আহমেদ আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে যোৱা ২০১৭ চনত নগাঁও সমাজ কল্যাণ বিষয়া কাৰ্যালয় চৌহদত অস্থায়ীভাৱে একক অৱস্থান কেন্দ্ৰটি স্থাপন কৰা হৈছিল।

বিভিন্ন কাৰণত নিৰাশ্ৰয় হোৱা প্ৰায় অৰ্ধশতাধিক শিশু-মহিলাক এই কেন্দ্ৰটোৰ জৰিয়তে বৰ্তমান সংস্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে আজি বিধায়ক ৰূপক শৰ্মাই নগাঁও চহৰৰ বিভিন্ন স্থানত ১৩টাকৈ পকী পথৰ আধাৰশিলা স্থাপন কৰে।

Your Comments