নগাঁও জিলাত ১,২০০ৰো অধিক খালী শিক্ষক পদৰ অভিযোগ ছাত্ৰ সন্থাৰ

নগাঁও জিলাত ১,২০০ৰো অধিক খালী শিক্ষক পদৰ অভিযোগ ছাত্ৰ সন্থাৰ

'এটা জাতি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত শিক্ষাই হ'ল মূল বিষয়। বৰ্তমানৰ ৰাজ্য চৰকাৰে শিক্ষাক যিদৰে আগবাঢ়াই নিব লাগিছিল, সেইদৰে আগবঢ়াই নিয়াত সফল হব পৰা নাই।' এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মণি মাধৱ মহন্তৰ। বুধবাৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত জিলা ছাত্ৰ সন্থাই আয়োজন কৰা এক সংবাদমেলত এই মন্তব্য কৰি মহন্তই কয়- চৰকাৰে যিবিলাক আঁচনি আৰু বাজেট তৈয়াৰ কৰিছে, সেইবোৰ ভোটকেন্দ্ৰিক। প্ৰতিটো আঁচনিতে আচলতে ভোটকেন্দ্ৰিক ৰাজনীতি সোমাই আছে। ভোটকেন্দ্ৰিক ৰাজনীতিয়ে অসমৰ শৈক্ষিক জগতখনক আৰু ছাত্ৰ-ছাত্ৰীৰ মূল শিক্ষাৰ বুনিয়াদ গঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবলগীয়া ভূমিকাত বা পদক্ষেপ চৰকাৰে যেনেদৰে ল'ব লাগিছিল, তেনেদৰ নকৰি কেতবোৰ সস্তীয়া কাম-কাজত অগ্ৰাধিকাৰ দিছে।

শিক্ষাৰ বুনিয়াদ ৰচনা নকৰাকৈ চৰকাৰে স্কুটী দিয়াকে ধৰি আন কেতবোৰ প্ৰলোভনৰে চমক সৃষ্টি কৰিব বিচাৰিছে। চমক সৃষ্টি কৰাৰ সলনি চৰকাৰে শিক্ষাৰ লগত জড়িত মৌলিক সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত পদক্ষেপ লোৱা উচিত বুলি মহন্তই কয়৷ চৰকাৰক অসমৰ শিক্ষাক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহে সম্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰা উচিত বুলিও তেওঁ কয়। সংবাদমেলত মহন্তই নগাঁও জিলাৰ শিক্ষানুষ্ঠানসমূহত বহুত শিক্ষক-কৰ্মচাৰীৰ পদ খালী থকাৰ কথা উল্লেখ কৰি কয়- বছৰৰ পিছত বছৰ ধৰি খালী থকা শিক্ষকৰ পদ পূৰণ নকৰি চৰকাৰে অসমৰ শিক্ষা ক্ষেত্ৰখন আগুৱাই নিয়াৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে।

নগাঁও জিলাত অকল উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰায় ১,২০০ শিক্ষকৰ পদ খালী আছে। উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৪৪গৰাকী শিক্ষকৰ পদ খালী থকাৰ বিপৰীতে চতুৰ্থ বৰ্গৰ পদত ১৫৮টা, তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ পদ ৩৫টা খালী আছে। চতুৰ্থ বৰ্গৰ পদ খালী থকাৰ বাবেই বহু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে বেল বজাবলগা হৈছে। জিলাখনৰ প্ৰাথমিক আৰু মহাবিদ্যালয়সমূহতো বহু পদ খালী আছে। চৰকাৰে আজিলৈকে নতুন শিক্ষকৰ পদ সৃষ্টি কৰিব নোৱাৰা বুলি উল্লেখ কৰি মহন্তই লগতে কয়, চৰকাৰে খালী থকা পদসমূহ পূৰণ কৰাত সফল হ'ব পৰা নাই।

অৱশ্যে বহু দিন বিৰতিৰ পাছত চৰকাৰে শিক্ষানুষ্ঠানসমূহত অধ্যক্ষ নিযুক্তি দিছে। অধ্যক্ষ নিযুক্তি দিয়েই চৰকাৰে তেওঁলোকৰ শেষ আৰু অন্তিম দায়িত্ব পালন কৰিছে বুলিও মহন্তই সংবাদমেলত কটাক্ষ কৰে। চৰকাৰে শিক্ষকৰ পদ পূৰণকে ধৰি শিক্ষানুষ্ঠান আন্তঃগাঁথনি উন্নত নকৰিলে সন্থাই তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে। লগতে নগাঁও জিলাৰ ছাত্ৰ সন্থাৰ অন্তৰ্গত আঞ্চলিক ছাত্ৰ সন্থাসমূহে এই দাবীৰ ভিত্তিত মুখ্য মন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিব বুলিও উল্লেখ কৰে। সংবাদমেলত জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰীশংকৰ শইকীয়া, সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকন, শিক্ষা সম্পাদক সঞ্জয় কুমাৰ কাকতি আৰু আছু নেতা মিদুল হাজৰিকা, মণ্টু শৰ্মা আদি উপস্থিত থাকে।

Your Comments