"প্ৰয়াত তৰুণ গগৈ মোৰ শিক্ষক,গুৰু আছিল"-ৰাহুল গান্ধী

Tarun Gogoi

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জনালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

Tarun Gogoi

গগৈৰ নশ্বৰদেহত হাত যোৰ কৰি অন্তিম শ্ৰদ্ধা জনাই কয়-"গগৈ কেৱল অসমৰে নহয়,দেশৰ নেতা আছিল।"

তৰুণ গগৈ মোৰ শিক্ষক,মোৰ গুৰু আছিল বুলি উল্লেখ কৰি ৰাহুলে কয়-"অসমলৈ আহিলে গগৈয়ে কোনো দিনে নিজৰ কথা কোৱা নাছিল,কেৱল ৰাজ্যৰ কথাহে তেওঁ কৈছিল।"

Tarun Gogoi

বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত একতা গঢ়ি তুলিছিল গগৈয়ে বুলি মন্তব্য কৰি ৰাহুলে কয়- "বেমাৰৰ পূৰ্বে শেষবাৰৰ বাবে গগৈৰ সৈতে কথা হৈছিল।"অৱশ্যে পুত্ৰ গৌৰৱ গগৈৰ লগত কথা পাতি তেওঁৰ স্বাস্থ্যৰ খবৰ লৈ থকা বুলি জানিবলৈ দিয়ে।


তৰুণ গগৈৰ প্ৰস্থান কংগ্ৰেছ দলৰ বাবে বৃহৎ ক্ষতি।ব্যক্তিগতভাৱে তেওঁৰ মৃত্যুত মই অতিকৈ দুখ প্ৰকাশ কৰিছোঁ বুলিও উল্লেখ কৰে ৰাহুলে।

কলাক্ষেত্ৰত গগৈৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনোৱা পিছত দিছপুৰৰ গগৈৰ চৰকাৰী বাসগৃহত পৰিয়ালক  সাক্ষাৎ কৰে ৰাহুলে।ৰাহুল গান্ধীক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই।

Your Comments