'আছু' ত্যাগ কৰি আৱেগিক হৈ লুৰিনজ্যোতি গগৈয়ে এইদৰে ক'লে,পঢ়ক...

Lurin

সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰিলে সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে।অসম মানুহৰ কা' বিৰোধী আন্দোলনৰ চিন্তা-আদৰ্শৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি লুুুৰিনজ্যোতিয়ে কয়।সিদ্ধান্ত কিমান সত্য আৰু শুদ্ধ হ'ব সেয়া সময়ে বিচাৰ কৰিব।

অসমৰ জনগণৰ আবেগক শ্ৰদ্ধা জনায় লুৰিনে কয়-"অসমৰ জাতীয় জীৱনৰ বাবে এটা প্ৰচেষ্টা চলাব বিচাৰিছোঁ।অসমৰ জনতাৰ বাবে কিঞ্চিত ন্যায় প্ৰতিষ্ঠাৰ বাবে  এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।"

"শ্বহীদৰ মাতৃসকলৰ শুকান মুখ,বুকু শুদা কৰা আৱেগ,তাত কিছু ন্যায় প্ৰতিষ্ঠাৰ বাবে প্ৰয়াস কৰিম।কাৰণ শ্বহীদৰ মাতৃয়ে বুজি পায় বুকুৰ বেদনা কিমান।সংকটটো জাতীয়,ইয়াত কোনো ব্যক্তি বিশেষ বা সংগঠন জড়িত হৈ থকা নাই।গতিকে,অসমৰ জাতীয় সংকটৰ ভয়াৱহ ক্ষণত মই এই সিদ্ধান্ত ন্যায় প্ৰতিষ্ঠাৰ যুঁঁজ দিবলৈ আগবাঢ়িব খুজিছো।যুঁঁজখন যথেষ্ট কঠিন মই জানো,কিন্তু অসম্ভৱো নহয়।যদিহে অসমৰ ৰাইজে সঠিক সিদ্ধান্ত গ্ৰহণ কৰে"-সাধাৰণ সম্পাদকগৰাকীয়ে কয়।

মোৰ কেৱল ব্যক্তিগত লাভালাভৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা নাই।সিদ্ধান্তত অফুৰন্ত ৰিক্স লৈ সাহস গোটাই কিবা এটা কৰিবলৈ চিন্তা চৰ্চা কৰিছোঁ।তাৰ ৰাইজৰ পৰা সাহস বিচৰা বুলি লুৰিনে কয়।


সদৌ অসম ছাত্ৰ সন্থাই দিয়া সত্তাটোক জীয়াই ৰখাৰ দায়িত্ব মোৰ।জাতীয় জীৱনৰ ন্যায় প্ৰতিষ্ঠা সংগ্রামত কেতিয়াও ত্যাগ বুলি নাভাবো।কেৱল মাত্ৰ এটা প্ৰচেষ্টা।প্ৰচেষ্টা অসমৰ জাতীয় জীৱনৰ ন্যায় প্ৰতিষ্ঠা সংগ্ৰামৰ অংকুৰণ।অসমৰ সমাজ জীৱনত মই নাটক কৰা নাই,ভণ্ডামি কৰা নাই,কেৱল জাতিপ্ৰেম লৈ আগবাঢ়িছোঁ বুলি আস্বত্ব হ'ব পাৰিম।

উল্লেখ যে অসম জাতীয় পৰিষদত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে গগৈৰ‌‌।

Your Comments