শুৱালকুছিতো আৰম্ভ হ'ল বিদ্যালয়সমূহৰ পাঠদান-কাৰ্য 

Suwalkusi

মৃণাল ডেকা,শুৱালকুছি : 

সুদীৰ্ঘ ছমাহৰ বিৰতিত ক'ভিড ১৯ৰ বাবে বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহ খোল খালে।অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ মৰ্মে ক'ভিডৰ সকলো নীতি-নিয়ম মানি সোমবাৰৰ পৰা ৰাজ্যখনৰ সকলো প্ৰান্তৰে বিদ্যালয়সমূহত আৰম্ভ হৈছে পাঠ দান প্ৰক্ৰিয়া।বস্ত্ৰ নগৰী শুৱালকুছি তথা ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহৰ শিক্ষানুষ্ঠানসমূহতো আজি নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছে ৷ অৱশ্যে শিক্ষানুষ্ঠানসমূূহত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি একেবাৰে সেৰেঙা আছিল।যিসকল ছাত্ৰ-ছাত্ৰীয়ে অভিভাৱকৰ পৰা সন্মতিপত্ৰ লগত লৈ আহিছে,তেওঁলোককহে পাঠদান কৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ দিছে আৰু অন্যসকলক পৰৱৰ্তী দিনত অভিভাৱকৰ সন্মতিপত্ৰ লগত লৈ বিদ্যালয়লৈ অহাৰ বাবে বিদ্যালয় প্ৰধানে জনাইছে।

Suwalkusi

প্ৰাপ্ত তথ্য মতে আজি পুৱা ৯ বজাৰ পৰা নৱম,দশম আৰু একাদশ শ্ৰেণীৰ  আৰম্ভ হোৱা পাঠদানত কেইবাখনো বিদ্যালয়ত উপস্থিত ছাত্ৰ ছাত্ৰীৰ সংখ্যা সীমিত আছিল ৷ বৃহত্তৰ শুৱালকুছিৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান শুৱালকুছি মহাবিদ্যালয়তো  একাদশ শ্ৰেণীৰ পাঠদান কাৰ্য আৰম্ভ হৈছে ৷ বংশৰ ভৃঙ্গেশ্বৰ হাইস্কুলত সৰ্বাধিক ৮৪ জন ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত পাঠদান কৰা হয় ৷ আনহাতে,বিদ্যালয়সমূহত ছেনিটাইজাৰ আৰু চাবোনৰে হাত ধোৱাৰ ব্যৱস্থা কৰিছে যদিও একাংশ শিক্ষানুষ্ঠানত 'থাৰ্মেল স্কেনাৰ' দেখা নগ'ল।অৱশ্যে মঙলবাৰৰ পৰা বিদ্যালয়সমূহে নিজাববীয়াকৈ থাৰ্মেল স্কেনাৰৰ ব্যৱস্থা কৰিব বুলি বিদ্যালয়ৰ প্ৰধানে অৱগত কৰিছে।লগতে তেওঁঁলোকে জানিবলৈ দিয়া মতে  চৰকাৰে দিয়া নীতি-নিয়মসমূহ লিখা বেনাৰ এখন বিদ্যালয়ৰ সন্মুখত  আঁঁৰি দিব।শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিৰ সংখ্যা চৰকাৰী নিয়ম মতে আছে বুলি বিদ্যালয়ৰ প্ৰধানে অৱগত কৰে তেওঁলোকৰ মতে পৰৱৰ্তী দিনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।কেইবাগৰাকী শিক্ষকে জানিবলৈ দিয়ামতে বহুদিন বিদ্যালয় বন্ধ থকাত ঘৰতে আৱদ্ধ থাকি ছাত্ৰ-ছাত্ৰী,শিক্ষকশিক্ষয়িত্ৰী,অভিভাৱকসকল উৎকণ্ঠিত হৈ পৰিছে।সেয়েহে বিদ্যালয় খোলাৰ বাবে চৰকাৰে নিৰ্দেশ দিয়াত আমি আনন্দিত হৈছো এতিয়া যেন আকৌ চৰকাৰে বিদ্যালয়সমূহ বন্ধ নকৰে,তাৰ বাবে চৰকাৰক আমি অনুৰোধ জনাইছো।শিক্ষাৰ্থীসকলে মুখত মাস্ক পৰিধান কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ পূৰ্বে বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়সমূহ চাফ-চিকুণ কৰি ছেনিটাইজ কৰি বিদ্যালয়সমূূূহৰ পাঠদানৰ পৰিৱেশ সুচল কৰি তোলে ৷ 
 

Your Comments