আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে কিশোৰ কলিতা পৰিচালিত 'বীৰাংগনা'

Birangana

ৰাজ্যৰ সাংস্কৃতিক জগতলৈ ভাল খবৰ।আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিবলৈ সক্ষম হৈছে অসমীয়া তথ্যচিত্ৰ 'বীৰাংগনা'।অধিবক্তা কিশোৰ কলিতা পৰিচালনাত নিৰ্মিত তথ্যচিত্ৰখনে লাভ কৰিছে অষ্টম ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেলত 'স্পেচিয়েল ফেষ্টিভেল মেনশ্বন'ৰ সন্মান।

Birangana

মুঠ ৬০খন দেশৰ ৪৯৫খন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হৈছিল ফিল্ম ফেষ্টিভেলত।যুৱতীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যৰে নিৰ্মাণ কৰা কলিতাৰ বীৰাংগনাক বিচাৰকে বিশেষ সন্মানৰ বাবে নিৰ্বাচিত কৰে বুুলি জনায় প্ৰযোজক আৰু পৰিচালকগৰাকীয়ে।

গুৰুত্বপূৰ্ণ যে ২০১২ চনত বৰ্তমানৰ অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ তত্বাৱধানত অসম আৰক্ষীত সংযোজিত হৈছিল মহিলাৰ 'বীৰাংগনা'কোষ।তথ্যচিত্ৰখনৰ জৰিয়তে সেইসকল বীৰংগনাৰ কঠোৰ পৰিশ্ৰম,সাহসিকতা আৰু জীৱন প্ৰণালী আদি সকলোবোৰ দিশ দাঙি ধৰাৰ প্ৰয়াস কৰিছে কলিতাই।

Birangana

সাম্প্ৰতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অনলাইনযোগে অনুষ্ঠিত হোৱা এইবাৰৰ ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেলত সাফল্য লাভ কৰি অতিকৈ আনন্দিত পৰিচালক কলিতা।তথ্যচিত্ৰখন প্ৰতিগৰাকী যুৱতী-মহিলাৰ বাবে প্ৰেৰণাৰ উৎস হ'ব বুলি উল্লেখ কৰে তেওঁ।

Your Comments