তামুলপুৰত পথ দুৰ্ঘটনা এজনৰ মৃত্যু

death_assam

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙিয়া-তামুলপুৰ-ভূটান পথৰ বৰখোপা পেট্ৰল পাম্পৰ সম্মুখত আজি নিশা পাৰি ৯ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক নিহত হয় । ঘটনাৰ বিৱৰণিত প্ৰকাশ যে আজি নিশা তামুলপুৰৰ পৰা ৰঙিয়া অভিমুখে এ. এছ.-০১- এ. বি. ৯২৬৮ নম্বৰৰ মটৰ চাইকেল এখনেৰে গৈ থকা অৱস্থাত তামুলপুৰৰ বৰখোপা পেট্ৰ'ল পাম্পৰ সমুখত ৰঙিয়া অভিমুখে যোৱাৰ বাবে ৰৈ থকা আৰ.জে. ১৪ জি.জি.০৬২৫ নম্বৰৰ চৈধ্য চকীয়া ট্ৰেইলৰ খনৰ পিছফালে প্ৰচণ্ড জোৰে খুন্দা মাৰে । ফলত যুৱকজন গুৰুতৰ ভাবে আহত হয় ।

death_assam

স্থানীয় লোকে যুৱক জনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি তামুলপুৰ প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে। বাতৰি লিখাৰ পৰলৈকে  এই মৃত যুৱজনক চিনাক্ত কৰিব পৰা হোৱা নাই। ইতিমধ্যে তামুলপুৰ আৰক্ষী থানাৰ পৰা আৰক্ষীৰ দল গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

Your Comments