জামিনৰ পিছতো মুক্তি নাপালে মানস কোঁৱৰে:কাৰাগাৰতে অনশন

Kmss

জামিন লাভ কৰাৰ পিছতো মুকলি  আকাশৰ তললৈ আহিব পৰা নাই কাৰাৰুদ্ধ ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰ।১৩/১৯  নম্বৰৰ চান্দমাৰী থানাৰ 'নিয়া'ৰ গোচৰত আজি 'নিয়া' আদালতে জামিন মঞ্জুৰ কৰিছিল ছাত্ৰ নেতাগৰাকীৰ।বিগত সাত মাহ ধৰি বন্দী হৈ থকা ছাত্ৰ মুক্তি নেতাগৰাকীৰ জামিন মঞ্জুৰ কৰাৰ পিছতে আদালতৰ অনুমতি লৈ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি অনাৰ বাবে গৈছিল অধিবক্তাসহ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ সদস্যসকল।কিন্তু,গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ কণ্টেইমেণ্ট জ'ন হৈ থকাৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষই ছাত্ৰ মুক্তিৰ বন্দী নেতাগৰাকীক মুকলি কৰি নিদিলে।

আনহাতে,অন্য কোনো গোচৰ ছাত্ৰ নেতা গৰাকীৰ বিৰুদ্ধে নথকাৰ পিছতো মুকলি কৰি নিদিয়াৰ বাবে মানস কোঁৱৰে কাৰাগাৰৰ ভিতৰতে আৰম্ভ কৰিছে অনশন কাৰ্যসূচী।এই কথা জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটা বিশেষ সূত্ৰই।

 আদালতৰ নির্দেশৰ পিছতো সতীৰ্থ  সংগ্রামী নেতা গৰাকীক মুকলি কৰি নিদিয়াৰ বাবে ক্ষোভ ব্যক্ত কৰিছে ছাত্ৰ মুক্তিৰ          সদস্যসকলে।ক্ষোভ ব্যক্ত কৰি তেওঁলোকে কয় -"মানস কোঁৱৰক অন্যায় কৰিছে।জামিন লাভ কৰাৰ পিছতো কণ্টেইমেণ্ট জ'নৰ কথা কাৰাগাৰ কৰ্তৃপক্ষই মুকলি কৰি নিদিয়াতো দুৰ্ভাগ্যজনক।সন্দেহ হয় তেওঁৰ বিৰুদ্ধে অন্য গোচৰ ৰুজু কৰাৰ চৰকাৰে অভিসন্ধি ৰচনা কৰিছে।"

Your Comments