উচ্চতৰ মাধ্যমিকৰ ক'লা-বিজ্ঞান শাখাত ২২০ আসন হ্ৰাসৰ সিদ্ধান্ত কটন বিশ্ববিদ্যালয়ৰ

*cottonUnivercity*

নিউজ ডেস্ক :

চলিত বর্ষত কটন বিশ্ববিদ্যালয়ে উচ্চতৰ মাধ্যমিকৰ প্ৰথমবর্ষৰ নামভৰ্তি বাবে জাৰি কৰিলে গুৰুত্বপূৰ্ণ জাননী। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰই জাৰি কৰা জাননী খনত প্ৰতীয়মান হৈছে যে আসনৰ সংখ্যা হ্ৰাস পাব উচ্চতৰ মাধ্যমিকৰ প্ৰথমবর্ষত।ক'লা আৰু বাণিজ্যক দুয়োটা শাখাতে আসন হ্ৰাস পোৱাটো চুড়ান্ত কৰা হৈছে।

জাননীখনৰ মতে বিশ্ববিদ্যালয়খনত চলিত বর্ষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষত বিজ্ঞান শাখাত চাৰিটা শাখা থাকিব।আৰু প্ৰতিটোতে ৮০ জনকৈ ছাত্ৰ-ছাত্ৰী থাকিব অৰ্থাৎ ৩২০জন।
ঠিক তেনেদৰে ক'লা শাখাৰ প্ৰতিটো শাখাতো ১২০জনকৈ ছাত্ৰী-ছাত্ৰীক নামভৰ্তি কৰোৱা হ'ব।

উল্লেখ্য যে বিশ্ববিদ্যালয়খনত যোৱা বর্ষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ বিজ্ঞান শাখাত ছাত্ৰ-ছাত্ৰী আছিল মুঠ ৫০০ জন আৰু কলা শাখাত আছিল ১৬০জন ছাত্ৰ-ছাত্ৰী।কিন্তু ৰহস্যজনক ভাৱে লকডাউন মাজতে চলিত বর্ষত বিজ্ঞান শাখাত ১৮০খন আসন আৰু কলা শাখাত ৪০খন আসন অর্থাৎ সৰ্বমুঠ ২২০খন আসন হ্ৰাস কৰিছে বিশ্ববিদ্যালয়খনে।

Ccকৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয় "কোনো কাৰণত এই সিদ্ধান্ত মানি নলয় ছাত্ৰ সমাজে।ৰাজ্যৰ মেধা সম্পন্ন প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কটনত পঢ়িব বিচাৰে।তেওঁলোকক উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হোৱাটো আমি কেতিয়া কামনা নকৰো।গতিকে বিশ্ববিদ্যালয় এই সিদ্ধান্তৰ বিৰুদ্ধে ছাত্ৰ সমাজ ঐক্যবদ্ধ হৈ থিয় দিব।লকডাউনৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰাটো দুৰ্ভাগ্যজনক"।কটনৰ গৰিমাৰ ম্লান কেতিয়াও পৰিবলৈ দিয়া নহব।আসন কোনো কাৰণত হ্ৰাস কৰিবলৈ দিয়া নহ'ব-প্ৰাঞ্জলে কয়।

Your Comments