মনোনয়ন-পত্ৰ দাখিল অজিত কুমাৰ ভূঞাৰ:'হিমন্তৰ বুকু আজি হম-হমাই গৈছে'-তৰুণ গগৈ

Pic

বহু প্ৰত্যাশিত ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰে মনোনয়ন-পত্ৰ দাখিল কৰে বিৰোধী  দলসমূহৰ উমৈহতীয়া প্ৰাৰ্থী অজিত কুমাৰ ভূঞাভূ।ঞাই মনোনয়ন-পত্ৰ দাখিল কৰাৰ সময়ত সংগ দিয়ে কংগ্ৰেছ আৰু এআইইউডিএফৰ নেতৃত্বই।কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা,বিৰোধী দলপতি দেৱব্ৰত বৰুৱা, বিধায়ক ৰেকিবুদ্দিন আহমেদ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেওঁক সংগ দিয়ে।উল্লেখ্য যে অহা  ভূঞাই উমৈহতীয়া প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰাৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বদৰুদ্দিন আজমলে হাতে-হাত ধৰি আগবঢ়া দেখা গল।

ইফালে,মনোনয়ন-পত্ৰ দাখিল কৰি প্ৰাৰ্থী অজিত কুমাৰ ভূঞাই কয়-"সকলো বিৰোধী পক্ষৰ বিধায়কৰ উপস্থিতিয়ে এটা শক্তিশালী বিৰোধী পক্ষৰ উমান দিছে।বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে জয় নিশ্চিত।"

আনহাতে,সাংবাদিক অতনু ভূঞাই মনোনয়ন-পত্ৰ সংগ্ৰহ  কৰা সন্দৰ্ভত ভূঞাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়-"সেয়া সকলোৱে পাৰে।তাত মোৰ ক'ব লগা একো নাই।"

অসমত কোন বেছি সাম্প্ৰদায়িক সেয়া যাৰ জ্ঞান আৰু বুদ্ধি বেছি আছে,তাক কোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি ভূঞাই কয়-"এআইডিইউএফ যদি সাম্প্ৰদায়িক,তেন্তে তাৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা লওক আইনগত ভাৱে।সংবিধানৰ নামত শপত খাই সাম্প্ৰদায়িক ৰাজনীতি তেওঁলোকে কৰিছে। এআইইউডিএফলৈ আঙুলী টোঁঁৱাই মেৰুকৰণ আৰু বিভাজনৰ ৰাজনীতি কৰিছে।"

"অগপৰ সুবিধাবাদী চৰিত্ৰ ওলাই পৰিছে।কাৰ লগত তেওঁলোকক ৰিজাম,সেইটোৱে ভাবিবলৈ টান হৈছে।মানুহক মূৰ্খ বুলি ভাবি আঞ্চলিকতাবাদক ধ্বংস কৰি ৰাজনীতি কৰিছে।অগপ এতিয়া নিজে বিজেপিত জাহ গৈছে"-ভূঞাই মন্তব্য কৰে।

বিজেপিলৈ কংগ্ৰেছৰ বিধায়ক প্ৰহ্লাদ গোৱালা হিমন্ত বিশ্ব শৰ্মাই দুই-এদিনতে যাব বুলি কোৱা প্ৰসংগক উভতি ধৰি সভাপতি ৰিপুণ বৰাই কয়-"সেয়া মিছা কথা।তেওঁৰ মাতৃৰ স্বাস্থ্য সংক্ৰান্তত দিল্লীত আছে,আমি কথা পাতিছোঁ।হিমন্ত গ'ল বুলি আমাৰ আৰু বিধায়ক নাযায়।কাৰণ সকলো কংগ্ৰেছী হিমন্ত আৰু জ্যোতিৰাদিত্য নহয়"।

হিমন্তৰ বুকু আজি হম-হমাই যোৱা বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয়-"হিমন্ত এতিয়া সাম্প্ৰদায়িক ক'ৰ'না ভাইৰাছ।যি অসমখন ভাগ-ভাগ কৰিবলৈ বিচাৰিছে।যিজন মানুহে বৰপেটা আৰু ধুবুৰীলৈ গ'লে বাংলাদেশ বুলি কয় তেওঁ আজি সাম্প্ৰদায়িক নহয়,কোন সাম্প্ৰদায়িক।"

"অজিত কুমাৰ ভূঞা কেৱল কংগ্ৰেছ বা এআইইউডিএফৰে নহয় সমগ্ৰ অসমৰ বুদ্ধিজীৱী।এক কথাত ক'বলৈ গ'লে 'কা'ৰ বিৰোধী প্ৰাৰ্থী"-গগৈয়ে কয়।

গুৰুত্বপূৰ্ণ কথা এই যে ভূঞাৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে মনজিৎ মহন্ত, হাইদৰ হুছেইন,লক্ষ্মীনাথ তামুলী আদি  বিশিষ্ট ব্যক্তিসকলো।

Your Comments