'কেব'ৰ বিৰুদ্ধে মহানগৰীত লেখক-শিল্পী-সাংবাদিকৰ প্ৰতিবাদ:কেব আন্দোলন হ'ব বিজেপিক উৎখাত কৰা আন্দোলন-ডঃ হীৰেন গোহাঁই

Pic

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে মহানগৰীৰ ৰাজপথত দেওবাৰে লেখক-শিল্পী সমাজ, অসমে উলিয়াই প্ৰতিবাদী সমদল।কাৰ্যসূচীত অংশগ্ৰহণ কৰে বহুসংখ্যক শিল্পী,সাহিত্যক,সাংবাদিক,বুদ্ধিজীৱীয়ে। মহানগৰীৰ গুৱাহাটী ক্লাবৰ পৰা আৰম্ভ হোৱা সমদলত অংশগ্ৰহণ কৰি বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁইয়ে কয়-'অন্ধ চৰকাৰৰ পৰা দেশক ৰক্ষা কৰিব নোৱাৰিলে অসমীয়া জাতি ক'ত পৰিম ঠিকনা নাই।গতিকে,কেব বিৰোধী সংগ্ৰামেই হ'ব চৰকাৰক উৎখাত কৰাৰ সংগ্রাম।' বিশিষ্ট কবি সমীৰ তাঁতীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয়-'জাতিদ্রোহীসকলক প্ৰতিবাদ কৰি দেখুৱাম জীয়াই আছোঁ আৰু থাকিম।কোনো কাৰণত বিধেয়কৰ পক্ষত মূৰ নোদোৱাও।জীৱন দি হ'লেও প্ৰতিবাদ কৰিম।' বিশিষ্ট সাহিত্যিক তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে কয়-'বিজেপিয়ে ভাবিছে অসমীয়া জাতিৰ মাজত খোৱা- কামোৰা লগাই ধ্বংস কৰোঁ।শ্বহীদৰ তেজ গছকি ৰাজনীতিত ৰজা হোৱাসকলে পাহৰি গৈছে শ্বহীদৰ ত্যাগ।বনাঞ্চল ধ্বংসৰ ফলত বৰ্তমান সময়ত হাতী-বান্দৰৰ যি অৱস্থা হৈছে,সেই একে অৱস্থাৰে কেবৰ জৰিয়তে অসমীয়া জাতিটোক অকলশৰীয়া কৰি পেলাব বিচাৰিছে বিজেপিয়ে।' নাট্যকাৰ প্ৰভাত বৰাই কয়-'অসমীয়া মানুহে কেতিয়াও কোনো গুণ্ডামি সহ্য কৰা নাই।সেয়া লাগে চৰকাৰীয়েই হওক বা বেচৰকাৰীয়ে হওক।সংগ্রাম কৰিছোঁ, কৰি যাম।' কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ,বিশিষ্ট বুদ্ধিজীৱী উদয়াদিত্য ভৰালীয়ে কয়- 'কেব মানি নলওঁ, নলওঁ,নলওঁ।' উল্লেখ্য যে মহানগৰীৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈকে হোৱা এই সমদলত উপস্থিত থাকে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী,অতনু ভট্টাচাৰ্য,মনোৰম গগৈ,পৰমানন্দ মজুমদাৰ,ড:সীতানাথ লহকৰ,হাফিজ আহমেদ,শান্তনু বৰঠাকুৰ,অৰিন্দম বৰকটকী,বীৰেন সিংহ,কমল কুমাৰ মেধি,ধীৰাজ গোস্বামী প্ৰমুখ্যে প্ৰায় তিনি শতাধিক লেখক-সাহিত্যিক-সাংবাদিক-শিল্পী।

Your Comments